ওদালগুৰি প্ৰীমিয়াৰ লীগ : ফাইনেলত পূবনগৰ মেধিপাৰা ইয়ুথ ক্লাৱ

প্ৰতিযোগিতাখনিৰ চূড়ান্ত খেলখন ৩০ ডিচেম্বৰত টংলা ক্ৰিকেট ক্লাৱ বনাম মেধিপাৰা ইয়ুথ ক্লাৱৰ মাজত অনুষ্ঠিত হ'ব
ওদালগুৰি প্ৰীমিয়াৰ লীগ : ফাইনেলত পূবনগৰ মেধিপাৰা ইয়ুথ ক্লাৱ

ডিজিটেল সংবাদ,ওদালগুৰি : ওদালগুৰি ইউপিএল(UPL) খেল পৰিচালনা সমিতিৰ উদ্যোগত আৰু এম‌.এম কনষ্ট্ৰাকছনৰ সৌজন্যত ওদালগুৰিত চলি থকা ওদালগুৰি প্ৰীমিয়াৰ লীগ ২০২৩ৰ বৃহস্পতিবাৰে দ্বিতীয়খন ছেমিফাইনেল খেল ইউনাইটেড ইয়ুথ ক্লাৱ বনাম পূৱনগৰ মেধিপাৰা ইয়ুথ ক্লাৱৰ মাজত অনুষ্ঠিত হয়। খেলখনত মেধিপাৰাই ইউনাইটেডক ৮৭ ৰাণত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।

টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্তৰে মেধিপাৰাই ২০ অ'ভাৰত ৭ উইকেটৰ বিনিময়ত ১৭৫ ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ সন্দীপ পলে ৪২ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ইউনাইটেডৰ বিকাশ শৰ্মা আৰু ভৰত চেত্ৰীয়ে তিনিটাকৈ উইকেট দখল কৰে।

প্ৰত্যুত্তৰত ইউনাইটেডে ১১.১ অ'ভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ৮৮ ৰাণতে ইনিংছ সামৰে। দলটোৰ হৈ ৰুহিনন্দন পেগুৱে সৰ্বাধিক ৩৩ ৰাণৰ বৰঙণি আগবঢ়োৱাৰ লগতে মেধিপাৰাৰ অভিজিৎ বৰ্মণে ৪টা উইকেট দখল কৰে। খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে মেধিপাৰাৰ অভিজিৎ বৰ্মনে।

উল্লেখ্য যে প্ৰতিযোগিতাখনিৰ বৰ্তমানলৈ অধিক ৰাণ কৰিবলৈ সক্ষম হৈছে ইউনাইটেডৰ মদুদ আলমে। একেদৰে বৰ্তমানলৈ সৰ্বোচ্চ ইউকেট দখলৰ দৌৰৰ শীৰ্ষস্থানত আছে ইউনাইটেডৰ বিকাশ শৰ্মা। প্ৰতিযোগিতাখনিৰ চূড়ান্ত খেলখন ৩০ ডিচেম্বৰত টংলা ক্ৰিকেট ক্লাৱ বনাম মেধিপাৰা ইয়ুথ ক্লাৱৰ মাজত অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাই জনায়।

ওদালগুৰি প্ৰীমিয়াৰ লীগ : ফাইনেলত পূবনগৰ মেধিপাৰা ইয়ুথ ক্লাৱ
অসম সাহিত্য সভাৰ ১০৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়া

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in