/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/3541e0af-b9c5-40e6-88c9-fc24a8b7546d/302.jpg)
ডিজিটেল সংবাদ,শিলচৰ : প্ৰচণ্ড গৰমৰ বাবে কাছাৰ জিলাৰ অন্তৰ্গত চৰকাৰী আৰু ব্যক্তিগতখণ্ডৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সলনি কৰা হৈছে। প্ৰাথমিক, মজলীয়া, উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় সলনিৰ নিৰ্দেশ জাৰি কৰিছে জিলা প্ৰশাসনে।
জিলা আয়ুক্ত ৰোহন কুমাৰ ঝা'ই এক বিজ্ঞপ্তিৰ জৰিয়তে জাৰি কৰা এই নতুন সময় অনুসৰি অহা ২৭ মে' সোমবাৰৰ পৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ পৰা ৫ম শ্ৰেণীলৈ পুৱা ৭- ৩০বজাৰ ১২.৩০ বজালৈকে পাঠদান সম্পন্ন কৰিবলৈ নিৰ্দেশাত উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/fb98111a-1e7f-4721-a4cc-0f3f39e733a6/138c242a-4a70-4533-a2c4-7725d1156964.jpg)
একেদৰে উচ্চ প্ৰাথমিকৰ ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ পাঠদান ৭- ৩০ বজাৰ পৰা ১২-৩০ বজালৈ। আনহাতে হাইস্কুলৰ নৱম-দশম তথা উচ্চতৰ মাধ্যমিকৰ পাঠদান পুৱা ৭-৩০ বজাৰ পৰা ১-১৫ বজালৈ অনুষ্ঠিত কৰিবলৈ নিৰ্দেশনাত উল্লেখ কৰে ৷
Also Read: বালিমুখ বজাৰত অগ্নিকাণ্ড : কেইবাখনো দোকান ভষ্মীভূত