কাছাৰৰ শতাধিক গাঁৱত বুচু ডিমা উৎসৱ উদযাপন

বুচু ডিমাৰ দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰিবলৈ চৰকাৰক দাবী
কাছাৰৰ শতাধিক গাঁৱত বুচু ডিমা উৎসৱ উদযাপন

ডিজিটেল সংবাদ,শিলচৰ : আজি ডিমাচাসকলৰ বুচু ডিমা উৎসৱ।‌ সমগ্ৰ ৰাজ্যৰ লগতে শনিবাৰে কাছাৰ জিলাৰ ১২১ খন গাঁৱত উলহ-মালহেৰে পালন কৰা হয় ডিমাচা সকলৰ কৃষি ভিত্তিক এই বুচু ডিমা উৎসৱ।

কাছাৰ জিলাৰ বৰখলা সমষ্টিৰ মাৰোয়াছৰা ডিমাচা গাঁৱত আয়োজিত বুচু ডিমা উৎসৱে এইবাৰ ২৫ বছৰ সম্পূৰ্ণ কৰিলে এই চিলভাৰ জুবিলী উপলক্ষে দুদিনীয়া ব্যাপক কাৰ্যসূচীৰে এই বুচু ডিমা উৎসব পালন কৰা হয়। পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা এই উৎসব খেলা-ধূলা আৰু ডিমাচাসকলৰ বিভিন্ন পৰম্পৰাগত সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে উদযাপন কৰা হয়।

পৰম্পৰাগত ৰীতি-নীতি অনুসৰি গাঁৱৰ ৰাইজৰ লগতে আমন্ত্ৰিত অতিথিসকলক ডিমাচাসকলৰ বিভিন্ন স্বকীয় খাদ্যৰে আপ্যায়ন কৰে। আবেলি আয়োজিত মুকলি সভাত আমন্ত্ৰিত অতিথি কলে বুচু ডিমা উৎসৱৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰে।ইফালে, "বুচু ডিমা"ৰ দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰিবলৈ চৰকাৰক দাবী জনাইছে কাছাৰ জিলা ডিমাচা সাহিত্য সভাৰ সভাপতি অমল কুমাৰ বৰ্মনে।

কাছাৰৰ শতাধিক গাঁৱত বুচু ডিমা উৎসৱ উদযাপন
কোকৰাঝাৰত চতুৰ্থ বিটিআৰ চুক্তি দিৱস উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in