/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/f441ab3d-ac2a-45e0-ba24-1d6997c080f4/141.jpg)
ডিজিটেল সংবাদ,কোকৰাঝাৰ : ২০২০ চনৰ আজিৰ দিনটোতে সম্পন্ন হৈছিল ঐতিহাসিক বিটিআৰ চুক্তি । নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ উদ্যোগত শনিবাৰে কোকৰাঝাৰত চতুৰ্থ বিটিআৰ দিৱস দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়।
কাৰ্যসূচী অনুসৰি পুৱা ৮-০০ বজাত দোতমাৰ থুলুংগাপুৰীত থকা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সমাধুথলীত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয় । ৯-০০ বজাত এবছুৰ পতাকা উত্তোলন কৰে এবছুৰ সভাপতি দ্বীপেন বড়োৱে । ৯-১৫ বজাত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বড়ো সাহিত্য সভাৰ সভাপতি ড° সুৰথ নাৰ্জাৰীয়ে ।
পুৱা ১০-০০ বজাত শান্তিৰ বাবে পাৰ চৰাই আৰু বেলুন উৰুৱাই দিয়া হয় । আনহাতে প্ৰায় ১১-০০ বজাত চতুৰ্থ বড়ো শান্তি চুক্তি উপলক্ষে এবছুৰ উদ্যোগত শান্তি, একতা আৰু বুজাবুজিৰ বাবে কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰৰ পৰা গ্ৰীণ ফিল্ডলৈ এক বিশাল শোভাযাত্ৰা বাহিৰ কৰা হয়।
উক্ত শোভাযাত্ৰাৰ ফ্লেগঅফ কৰে বিধায়ক লৰেন্স ইছলাৰীয়ে। শোভাযাত্ৰাটোৱে জেডি ৰোডেৰে প্ৰায় ৬ কিলোমিটাৰ পথ পদব্ৰজে অতিক্ৰম কৰি বিটিচি সচিবালয়ৰ নিকটৰ গ্ৰীণ ফিল্ডত উপস্থিত হয়। ইয়াৰ পিছতেই গ্ৰীণ ফিল্ডত এক বিশাল মুকলি সভা অনুষ্ঠিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/5661ee33-b9dc-40aa-8bf1-3d4f2c48f67b/423160912_928357282191877_1095412664817853146_n.jpg)
এবছুৰ সভাপতি দ্বীপেন বড়োৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি প্ৰমোদ বড়োৱে বিটিআৰ চুক্তিৰ মূল চাৰিটা উদ্দেশ্য সফল হোৱা বুলি মন্তব্য কৰে । তেওঁ কয় যে বিটিআৰ চুক্তিৰ পিছতে অশান্তজৰ্জৰ অঞ্চলটোত শান্তি স্থাপন হ'ল,অঞ্চলটোত নিৰাপত্তা প্ৰতিষ্ঠা হ'ল,সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয়, ঐক্যতা আৰু ভাতৃত্ববোধ গঠন হ'ল আৰু সকলোতকৈ ডাঙৰ কথা ইয়াত গণতান্ত্ৰিক পৰিৱেশ স্থাপন হ'ল। পূৰ্বৰ চৰকাৰৰ দিনত কোনো গণতন্ত্ৰ নাছিল আৰু হত্যা-হিংসাত অতিষ্ঠ হৈ বহুতেই বাসস্থান এৰি যাব লাগিব বুলি ভয় কৰিছিল। অকল ইমানেই নহয় পূৰ্বৰ দিনত ভাতৃঘাতী সংঘাত হৈছিল,হত্যা-হিংসা হৈছিল,সাংবাদিকৰ পৰা আৰম্ভ কৰি কলেজৰ প্ৰবক্তাপৰ্যন্ত গুলীৰ চিকাৰ হৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/b5db1cbb-5d0f-4f1c-b6fb-02933ff95031/423239993_928357198858552_5878229475511103999_n.jpg)
অঞ্চলটোৰ পৰিৱেশ সম্পূৰ্ণৰূপে বিনষ্ট হৈছিল । দশকৰ পিছত দশক ধৰি অনিশ্চিত পৰিৱেশ বিৰাজ কৰাত অঞ্চলটো সৰ্বদিশতে বাধাপ্ৰাপ্ত হৈছিল । শিক্ষা - ক্ৰীড়া , উন্নয়ন সকলোতে পিছপৰি গৈছিল । কিন্তু বিটিআৰ চৰকাৰ কাৰ্যভাৰ লোৱাৰ পিছতে অঞ্চলটোৰ দ্ৰুত পৰিবৰ্তন সাধন হ'ল আৰু এতিয়া সৰ্বদিশতে প্ৰভূত উন্নয়ন সাধন হৈছে । মেট্ৰিকৰ সৰ্বনিম্ন স্থানত থকা চিৰাং জিলাই উচ্চস্থানলৈ গৈছে।
এ পি এছ চিৰ পৰীক্ষাত বিটিআৰ এলেকাৰ পৰা এইবাৰ ৫০ জনে সফলতা লাভ কৰিছে। ক্ৰীড়াৰ ক্ষেত্ৰত সুনাম অৰ্জন কৰিছে। ইয়াত আন্তঃৰাষ্ট্ৰীয় জ্ঞান মেলা অনুষ্ঠিত হৈছে । ডুৰাণ্ড কাপ অনুষ্ঠিত হৈছে। সাহিত্য উৎসৱ আজিৰে পৰা আৰম্ভ হৈছে য'ত দেশ বিদেশৰ সাহিত্যিক-কবিয়ে অংশগ্ৰহণ কৰিব। বিটিআৰ চুক্তিয়ে অঞ্চলটোলৈ আমুল পৰিৱৰ্তন কঢ়িয়াই অনা বাবেই আজি সকলোৱে বিটিআৰ চুক্তিখনক প্ৰশংসা কৰিছে, সৰ্বশ্ৰেষ্ঠ বুলি আখ্যা দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/f10ed5ae-a053-4ae9-9cab-df3a0fee04da/422554050_928357308858541_7600317872079384158_n.jpg)
ইপিনে গ্ৰীণ ফিল্ডত অনুষ্ঠিত হোৱা চতুৰ্থ বিটিআৰ চুক্তি দিৱসৰ মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান হীৰেন নাথে কয় যে, বিটিআৰ চুক্তি ৰূপায়ন কৰাৰ ক্ষেত্ৰত চৰকাৰ অতি পাৰদৰ্শিতাৰে কাম কৰি আহিছে। তেওঁ কয়- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো দফা ৰূপায়নৰ ক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰিছে।
ইতিমধ্যে ৪২০৩ গৰাকী প্ৰাক্তন এনডিএফবিক এককালিন ৪লাখ টকাকৈ আৰ্থিক সাহাৰ্য দিয়া হৈছে । তদুপৰি ৬৭৮ গৰাকী অতিৰিক্ত কেডাৰৰ তালিকা চৰকাৰৰ হাতত পৰিছে আৰু সেয়া আনুষ্ঠানিকতা সম্পূৰ্ণ কৰি চৰকাৰে পুণৰসংস্থাপনৰ ব্যৱস্থা কৰিব । এনডিএফবিৰ গোচৰ প্ৰত্যাহাৰৰ ক্ষেত্ৰত চৰকাৰে ২৬০ টা গোচৰ প্ৰত্যাহাৰৰ বাবে চৰকাৰে অনুমোদন দিছে। ইয়াৰে ৩০ টা গোচৰৰ অদ্যপি প্ৰত্যাহাৰ হোৱা নাই যিহেতু তেওঁলোকৰ ঠিকনামতে বিচাৰি পোৱা হোৱা নাই। ইতিমধ্যে জিলা আৰক্ষী অধীক্ষকসকলক নিৰ্দেশনা দিয়া হৈছে আৰি সেয়া অতি সোনকালে নিষ্পত্তি হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/1954be53-cdca-4523-ba5c-69437a85b87d/422645130_928357378858534_3382391405379435348_n.jpg)
ইপিনে বিটিআৰ চুক্তি সন্দৰ্ভত অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান হীৰেন নাথে কয় যে, বিটিআৰ চুক্তিখন অকল চুক্তিয়েই নহয়, ই অসম তথা উত্তৰ পূৰ্বাঞ্চলকৈ শান্তি অনাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে । এই চুক্তিৰ পিছতে এটা এটাকৈ শান্তি চুক্তি স্থাপন হ'ল।
কাৰ্বি,ডিমাছা,আদিবাসী,তিৱা,আলফা আদি সকলোৰে লগত শান্তি স্থাপন হ'ল। যি দুই এটা সৰু-সুৰা গোট আছে তেওঁলোকেও শান্তিৰ প্ৰক্ৰিয়াত চামিল হৈছে। আনহাতে সাংবাদিকৰ এক প্ৰশ্নত্তোৰত ৰঞ্জন দৈমাৰীৰ মুক্তি ন্যায়ালয়ৰ নিৰ্দেশমতেহে হ'ব বুলি মন্তব্য কৰে হীৰেন নাথে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/04a326ac-c0c2-4246-b15f-16a6e88e4736/423005338_928357422191863_7447937718553242168_n.jpg)
হাতত পুনৰ অস্ত্ৰ তুলি লোৱা সন্দৰ্ভত হীৰেন নাথে কয় যে, যিসকলে ভুল বুজাবুজিৰ ফলত বিপথে গৈছিল তেওঁলোকক শান্তি প্ৰক্ৰিয়া লৈ আহিম আৰু যিমানদুৰ সম্ভৱ স্বাভাৱিক জীৱন যাপন কৰিবলৈ সহায়ৰ হাত আগবঢ়াম বুলি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে স্পষ্টভাৱে কৈছিল; কিন্তু তাৰপিছতো যদি কোনোবাই পুনৰাই হাতত বন্দুক তুলি লৈ ৰক্তক্ষয়ী ইতিহাসৰ সৃষ্টি কৰিব বিচাৰে তেনেহলে তেওঁলোকৰৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা অসম আৰক্ষীয়ে গ্ৰহণ কৰিব।
ইপিনে এবছুৰ সভাপতি দ্ৱীপেন বড়োৱে কয় যে, বিটিআৰ শান্তি চুক্তিয়ে ৰাইজৰ আশা-আকাংক্ষা পূৰণ কৰিছে । ঐকতা একতা আৰু প্ৰগতিৰ বড়োলেণ্ড গঢ়াত মূল ভূমিকা গ্ৰহণ কৰিছে। বড়ো শান্তি চুক্তিৰ ফলত বড়ো ভাষাক ৰাজ্যিক সহকাৰী ভাষাৰ মৰ্যাদা দিছে,বিটিআৰৰ বাহিৰত বড়ো -কছাৰী উন্নয়ন আৰু কল্যান পৰিষদ গঠন হৈছে।
নতুনকৈ জিলা গঠন হৈছে, গাঁও অন্তৰ্ভুক্তিকৰণ হৈছে। এনডিএফবিৰ গোচৰ প্ৰত্যাহাৰ হৈছে , ৪৪১ জন এনডিএফবি কেডাৰে ৫ লাখকৈ আৰ্থিক সাহাৰ্য পাইছে । বিটিআৰ চুক্তিৰ কেইটামানহে দফা ৰূপায়িত হ'বলৈ বাকী আছে।
তদুপৰি ৰঞ্জন দৈমাৰীসহ ৬৩ গৰাকী কেডাৰক জেলৰ পৰা মুকলি কৰি দিবলৈ দাবী জনাই দ্বীপেন বড়োৱে কাৰ্বিআংলঙত বসবাস কৰা বড়োসকলক জনজাতিৰ মৰ্যদা প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে। আনহাতে শোভাযাত্ৰাৰ ফ্লেগ অফ কৰি বিধায়ক লৰেন্স ইছলাৰীয়ে বিটিআৰ চুক্তিৰ ফলত সীমা সম্প্ৰসাৰণ হোৱাটো চুক্তিখনৰ অন্যতম সফলতা বুলি মন্তব্য কৰি চুক্তিৰ কিছু দফা ৰূপায়নৰ কাম বাকী আছে আৰু তাৰ বাবে আলাপ -আলোচনা, পৰ্যালোচনা অব্যাহত আছে বুলি সদৰি কৰিছে। অনুষ্ঠানত বড়ো সাহিত্য সভাৰ সভাপতি ড° সুৰথ নাৰ্জাৰী,মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মকে ধৰি বহু বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰে।
Also Read: ৰঙিয়া চাৰ্চ পাব্লিক স্কুলৰ প্ৰতিষ্ঠা দিৱস আৰু বাৰ্ষিক উৎসৱ