মণিপুৰত বজুন পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ

ম্যানমাৰৰ পৰা ভাৰতলৈ সৰবৰাহৰ বাবে মজুত কৰি ৰখা অৱস্থাত জব্দ কৰা হয় চুপাৰীখিনি

author-image
Asomiya Pratidin
New Update
মণিপুৰত বজুন পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ

ডিজিটেল সংবাদ,শিলচৰ : চুবুৰীয়া ৰাজ্য মণিপুৰত বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ কৰিছে অসম ৰাইফলছে। ম্যানমাৰৰ পৰা ভাৰতলৈ সৰবৰাহৰ বাবে মজুত কৰি ৰখা অৱস্থাত জব্দ কৰা হয় চুপাৰীখিনি।

মণিপুৰৰ কামজং জিলাৰ নামলী আৰু ৱাংগলী গাঁৱত অভিযান চলাই ৬,৭৮৫ বস্তা বাৰ্মিজ চুপাৰী জব্দ কৰে অসম ৰাইফলছে। জব্দ কৰা চুপাৰীৰ মূল্য প্ৰায় ৪৬.৯০ কোটি টকা বুলি সদৰি কৰিছে অসম ৰাইফলছে। অৱশ্যে চুপাৰী জব্দ কৰিবলৈ সক্ষম হ'লেও কোনো লোকক গ্ৰেপ্তাৰ কৰিব পৰা নগ'ল।

Also Read: আজি ৩১ ডিচেম্বৰ : দুৰ্ঘটনাশূন্যৰ লক্ষ্যৰে গুৱাহাটীত চলিব আৰক্ষীৰ অভিযান

manipur assam rifles Assam police