/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/3283520a-cf39-41e4-857a-cff05f9575dd/cachar_27.jpg)
কাছাৰত তিনি বাহনৰ পৰা বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দঃদুজনক গ্ৰেপ্তাৰ...
ডিজিটেল সংবাদ শিলচৰঃ বাৰ্মিজ চুপাৰীৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত। গোপন তথ্যৰ ভিত্তিত মঙলবাৰে নিশা অভিযান চলাই শিলচৰ আৰক্ষীয়ে মাছিমপুৰ এলেকাৰ পৰা তিনিওখন চুপাৰী ভৰ্তি গাড়ী জব্দ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/78173c1f-3ed3-44d6-8e1d-3b356784012c/0d6446d9_8901_4e37_a68f_ee2c255a9945.jpg)
গোপন তথ্যৰ ভিত্তিত অৰুণাচল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেবব্ৰত ফুকনৰ নেতৃত্বত আৰক্ষীৰ দল এটাই অভিযান চলাই জব্দ কৰে বুজন পৰিমাণৰ এই চুপাৰীখিনি। মিজোৰামৰ পৰা কাছাৰৰ মাজেৰে মেঘালয়লৈ সৰবৰাৰহৰ সময়ত নিশা বৰখলাৰ ৰাখালখালৰ পাৰৰ পৰা জব্দ কৰা হয় চুপাৰী ভৰ্তি গাড়ী তিনিখন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/f87a490d-4540-43fd-abba-0708dd209ece/33f0385b_6c04_49a1_9969_d1214bb1e15e.jpg)
গাড়ী তিনিখনৰ ভিতৰত এখন বলেৰো পিক আপৰ পৰা ৩৫ বস্তা, এখন মাৰুতি ভেনৰ পৰা প্ৰায় চাৰি কুইন্টল আৰু আনখন গাড়ীৰ পৰা কেইবাটাও বস্তাত চুপাৰী জব্দ কৰে আৰক্ষীয়ে। জব্দকৃত চুপাৰীৰ ওজন ২০ কুইণ্টলতকৈও অধিক হ'ব বুলি সদৰি কৰিছে আৰক্ষীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/f01751ac-5e01-4ca6-ac8d-ddf8e5241a7c/b53df77a_7e32_4918_9125_5b1a753eba9e.jpg)
চুপাৰী সৰবৰাহৰ অভিযোগত দুয়াৰবন্দৰ বিশ্বজিৎ দাস আৰু কাটিগৰা দূধপুৰৰ মনচুৰ ৰহমান চৌধুৰী নামৰ দুজন চালকক গ্ৰেপ্তাৰ কৰা হয়। অৱশ্যে এখন গাড়ীৰ চালক পলাই যাবলৈ সক্ষম হয়।
Also Read: বাহনৰ ভিতৰত উদ্ধাৰ অস্কাৰ বিজয়ী অভিনেতাৰ মৃতদেহ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us