শিলচৰত চান্দা পাৰ্টিৰ গুণ্ডামি

শনি পূজাৰ চান্দাৰ নামত শিলচৰত বাহনৰ পৰা গুণ্ডা টেক্স সংগ্ৰহ ! চান্দা নিদিলে বাহনৰ চালকক মাৰপিট । চান্দা পাৰ্টিৰ গুণ্ডামিৰ দৃশ্য ভাইৰেল ছ’ছিয়েল মিডিয়াত।
শিলচৰত চান্দা পাৰ্টিৰ গুণ্ডামি

ডিজিটেল ডেস্কঃ অসমৰ পৰা চান্দা সংস্কৃতি বন্ধ কৰাৰ বাবে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে । আনকি চান্দা পাৰ্টিক নিয়ন্ত্ৰণ কৰাৰ বাবে যোৱা কেইবামাহ পূৰ্বে মূখ্যমন্ত্ৰীৰ নিৰ্দেশত অসম আৰক্ষীয়ে সাধাৰণ ৰাইজৰ সুবিধাৰ্থে কেইবাটাও Toll free নম্বৰ মুকলি কৰিছিল ৷ কিন্তু ইয়াৰ পাছতো যেন ৰাজ্যত নিয়ন্ত্ৰণ হোৱা নাই চান্দা সংস্কৃতি ।

যোৱা কেইদিন ধৰি ৰাঙিৰখাৰি অঞ্চলৰ একাংশ যুৱকে শনি পূজাৰ নামত বিভিন্ন বাহনৰ পৰা জোৰজৱৰদস্তি গুণ্ডা টেক্স সংগ্ৰহ কৰি আহিছে । বাছ, আটো, ট্ৰেভেলাৰ সহ বিভিন্ন যাত্ৰীবাহী বাহনৰ পৰা শনি পূজাৰ চান্দাৰ নামত চালক তথা যাত্ৰীক হাৰাশাস্তি কৰিছে এই সকলক যুৱকে ।

চান্দা দিয়াত অস্বীকাৰ কৰিলে বাহনৰ চালকক মাৰপিট কৰাৰ অভিযোগ উদণ্ড যুৱক সকলৰ বিৰুদ্ধে । চহৰৰ মাজমজিয়াত এই সকল যুৱকে যোৱা কেইদিমানৰ পৰা এনে কাৰ্য্য সংঘটিত কৰি আহিছে যদিও নীৰৱ আৰক্ষী প্ৰশাসন ।

উদণ্ড যুৱকৰ দলটোৱে বাহন উঠি চালক এজনক অশ্লীল গালিগালাজ সহ চালক জনক আক্ৰমণৰ চেষ্টা কৰা এক দৃশ্য বৰ্তমান ছ’ছিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । চান্দাৰ নামত সাধাৰণ ৰাইজক হাৰাশাস্তি কৰা এই সকল উদণ্ড যুবকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে শিলচৰ চহৰ সহ জিলাৰ সচেতন ৰাইজে

শিলচৰত চান্দা পাৰ্টিৰ গুণ্ডামি
মহানগৰীৰ পঞ্চতাৰকাযুক্ত হোটেলত হত্যাকাণ্ড

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in