/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/f17b7f57-f838-449f-9138-cdd081e21618/134.jpg)
ডিজিটেল সংবাদ শিলচৰ : দুখন দেশৰ সীমান্তত নিয়োজিত সীমান্ত সুৰক্ষা বাহিনীয়ে প্ৰতি মুহূৰ্ততে পৰস্পৰে পৰস্পৰক শত্ৰু জ্ঞান কৰে। ৰখা হয় কঢ়া নজৰ। কিন্তু ইয়াৰ পিছতো দুয়োখন দেশৰ সীমান্তৰক্ষীৰ মাজত মাজে সময়ে দেখা যায় বন্ধুত্ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/6935e617-76a3-434b-833e-2ee8cbff42a9/917a25be_0291_4db6_8b72_24adff8c51a2.jpg)
শুক্ৰবাৰে এনে মধুৰ সম্পৰ্ক পৰিলক্ষিত হৈছে ভাৰত- বাংলাদেশ সীমান্তত নিয়োজিত ভাৰতৰ বি এছ এফ আৰু ব'ৰ্ডাৰ গাৰ্ড অফ বাংলাদেশ চমুকৈ বিজিবিৰ মাজত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/6eb590ef-86a0-481f-ace4-a78c41fa7c8a/b7df0c6a_dcb9_43d5_96de_c9aa4ee625b7.jpg)
প্ৰতি বছৰৰ দৰে এইবাৰো গণৰাজ্য দিৱস উপলক্ষে বিএছএফে মিঠাই প্ৰদান কৰে বাংলাদেশৰ বিজিবিৰ হাতত। শুক্ৰবাৰে ভাৰত- বাংলাদেশ সীমান্তৰ বিভিন্ন স্থানত বিজিবিৰ হাতত বিএছএফে মিঠাই প্ৰদান কৰি ভাৰত-বাংলাদেশ সীমান্তত নিয়োজিত সীমান্ত সুৰক্ষা বাহিনীৰ সৈতে শুভেচ্ছা বিনিময় কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/8a2a6921-a475-4070-aa53-d23afecc320e/d8909ec9_d347_4c40_9846_23b78ed50995.jpg)
উল্লেখ্য যে ১৫ আগষ্ট স্বাধীনতা দিৱস আৰু ২৬ জানুৱাৰী গণৰাজ্য দিৱসৰ দিনা এইদৰে বিএছএফে বিজিবিক মিঠাই প্ৰদান কৰাৰ বিপৰীতে বিজিবিয়েও বাংলাদেশৰ স্বাধীনতা দিৱসৰ দিনা বিএছএফক মিঠাই প্ৰদান কৰে।
Also Read: নাৰায়ণপুৰ জিলা মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত গণৰাজ্য দিৱস উদযাপন