/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/5229d306-2dc8-4c82-a915-b75a9634cf73/133.jpg)
ডিজিটেল সংবাদ,বিহপুৰীয়া : বিহপুৰীয়া-নাৰায়ণপুৰ জিলা মুক্তিযুঁজাৰু সন্মিলন আৰু উত্তৰাধিকাৰী সন্মিলনৰ উদ্যোগত শুকুৰবাৰে বিহপুৰীয়াৰ শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা ৯-০০ বজাত ৰাষ্ট্ৰীয় পতাকা উৰুৱাই বিহপুৰীয়া নাৰায়ণপুৰ জিলা মুক্তিযুঁজাৰু সন্মিলন আৰু উত্তৰাধিকাৰী সন্মিলনৰ সভাপতি সত্যব্ৰত বৰুৱাই ৷
ইয়াৰ পাছতে অৱসৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰীকান্ত হাজৰিকা, অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া বলিন বৰা আৰু বৃক্ষবন্ধু লীলা হাজৰিকাই গছপুলি ৰোপণ কৰে। মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বিহপুৰীয়া মহাবিদ্যালয়ৰ অধ্যাপক ড° নিৰঞ্জন কাকতিয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/ce133561-4bff-4e81-8fbc-934ddc37bea0/d49c7f57_9ea0_4d72_8f30_3b9d60e9af0d.jpg)
পুৱা ১১-০০ বজাৰ পৰা আৰম্ভ হোৱা মুকলি সভাখনত সভাপতিত্ব কৰে বিহপুৰীয়া নাৰায়ণপুৰ জিলা মুক্তিযুঁজাৰু সন্মিলনৰ সভাপতি মদন ভুঞাই ৷ বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক দেবানন্দ হাজৰিকাই উদ্বোধন কৰা আৰু সন্মিলনৰ সম্পাদক গজেন নেওগে আতঁ ধৰা সভাত বিশিষ্ট চিকিৎসক ডাঃ হৰেন শইকীয়া,প্ৰধান শিক্ষক প্ৰশান্ত জ্যোতি বৰুৱা,সন্মিলনৰ ৰাজ্যিক কাৰ্যকৰী সভাপতি ভোলানাথ নগৰীয়া,প্ৰাক্তন উপাধ্যক্ষ দিলীপ বৰদলৈ আদি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে ৷
Also Read: ছহিদ কৃষক পৰিয়ালৰ সদস্যক সম্বৰ্ধনা মন্ত্ৰী অজন্ত নেওগৰ...