সমষ্টি পুনৰ নিৰ্ধাৰণ বাতিলৰ দাবীত বৰাকত ৪৫ সংঠনৰ ধিক্কাৰ সমাবেশ

সমষ্টি পুনৰ নিৰ্ধাৰণ বাতিলৰ দাবীত বুধবাৰে শিলচৰত চি আৰ পি চি চিসহ ৪৫ টা সংঠনৰ ধিক্কাৰ সমাবেশ
সমষ্টি পুনৰ নিৰ্ধাৰণ বাতিলৰ দাবীত বৰাকত ৪৫ সংঠনৰ ধিক্কাৰ সমাবেশ

ডিজিটেল সংবাদ, শিলচৰঃ সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাক লৈ বৰাকৰ লোক অত্যন্ত সুখী বুলি মুখ্যমন্ত্ৰীয়ে দাবী কৰাৰ বিপৰীতে এই সিদ্ধান্ত বাতিলৰ দাবীত আন্দোলনত নামিছে বৰাকৰ একাংশ দল সংগঠন। সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা বাতিলৰ দাবীত পুনৰ সৰৱ‌ হৈ পৰিছে "নাগৰিক অধিকাৰ ৰক্ষা সমন্বয় সমিতি" চমুকৈ চি আৰ পি চি চি অসম আৰু ইয়াৰ অন্তৰ্ভুক্ত ৪৫ টা বিভিন্ন দল সংগঠনৰ সমন্বয় সমিতি।

বৰাকৰ দুটাকৈ বিধান সভা সমষ্টি বিলুপ্তি কৰাৰ লগতে অন্য সমষ্টি অন্তৰ্ভুক্ত কৰাৰ প্ৰতিবাদত আৰু এই তালিকা বাতিলৰ দাবীত বুধবাৰে ধিক্কৰ সমদলৰ আহ্বান কৰে চি আৰ পি চি চি আৰু ইয়াৰ অন্তৰ্ভুক্ত ৪৫ টা দল সংগঠনৰ সমন্বয় সমিতিয়ে। পিছে এই সমদলক অনুমতি প্ৰদান নকৰিলে কাছাৰ জিলা প্ৰশাসনে। যাক লৈ ক্ষোভিত সদস্যসকল।

আনহাতে ধিক্কাৰ সমদলৰ অনুমতি নাপালেও বুধবাৰে শিলচৰত ধিক্কাৰ সমাবেশৰ আয়োজন কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ সমন্বয় সমিতি। এই সমাবেশত আৰক্ষীয়ে বাধা দিলেও মোকাবিলা কৰিবলৈ সমিতি সাজু বুলি জানিবলৈ দিয়ে। মঙলবাৰে শিলচৰত আয়োজিত এক সংবাদমেলত আন্দোলনৰ এই কথা সদৰি কৰে সংগঠনটোৰ নেতা ক্ৰমে সাধন পুৰকায়স্থ, কিশোৰ ভট্টাচাৰ্য্য, সঞ্জীৱ ৰাইসহ অন্য নেতৃবৰ্গই।

সমষ্টি পুনৰ নিৰ্ধাৰণ বাতিলৰ দাবীত বৰাকত ৪৫ সংঠনৰ ধিক্কাৰ সমাবেশ
দিল্লী অভিমুখী ইণ্ডিগ' বিমানত যাত্ৰীৰ মৃত্যু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in