শিলচৰ অসম গ্ৰন্থ মেলাত আৰক্ষী বিষয়া নোমাল মাহাত্তাৰ কাব্যগ্ৰন্থ উন্মোচন

শিলচৰ অসম গ্ৰন্থ মেলাত আৰক্ষী বিষয়া নোমাল মাহাত্তাৰ কাব্যগ্ৰন্থ উন্মোচন

author-image
Asomiya Pratidin
New Update
শিলচৰ অসম গ্ৰন্থ মেলাত আৰক্ষী বিষয়া নোমাল মাহাত্তাৰ কাব্যগ্ৰন্থ উন্মোচন

ডিজিটেল সংবাদ,শিলচৰ: অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ উদ্যোগত যোৱা ১ ডিচেম্বৰৰ পৰা শিলচৰত অনুষ্ঠিত হৈছে অসম গ্ৰন্থ মেলা। মঙলবাৰে এই গ্ৰন্থমেলাত কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাৰ এখন কাব্য সংকলন উন্মোচন কৰা হয়।‌

Advertisment

বৰাকৰ বিশিষ্ট বাঙালী সাহিত্যিক গৱেষক ড০ অমলেন্দু ভট্টাচাৰ্য আৰু বাৰ্তালিপি কাকতৰ সম্পাদক অৰিজিত আদিত্যই 'থামে না মাদলেৰ বোল' নামৰ গ্ৰন্থখন উন্মোচন কৰে। 'থমকি নৰয় মাদলৰ মাত' অসমীয়া ভাষাত নোমাল মাহাত্তাই ৰচনা কৰা কাব্য গ্ৰন্থ খন বাঙালী ভাষাত অনুবাদ কৰিছে সাংবাদিক গৌতম তালুকদাৰে।‌

গ্ৰন্থ উন্মোচন অনুষ্ঠানত প্ৰকাশ আলোচনীৰ‌ সম্পাদক মিহিৰ ডেউৰী, 'থামে না মাদলেৰ বোল'ৰ লিখক নোমাল মাহাত্তাৰ সহধৰ্মিনী বিউতী গগৈ আদি কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত ড০ অমলেন্দু ভট্টাচাৰ্য আৰু অৰিজিত আদিত্যই 'থামে না মাদলেৰ বোল' গ্ৰন্থ খনৰ ওপৰত ভাষণ প্ৰদান কৰে। আৰক্ষীৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্বত থাকিও নোমাল মাহাত্তাই সাহিত্য সৃষ্টি কৰি অসমীয়াৰ লগতে বাঙালী সাহিত্যিকো চহকী কৰা বুলি মন্তব্য কৰে বিশিষ্ট সাহিত্যিক আৰু সাংবাদিক দুগৰাকীয়ে।

এই কাব্য গ্ৰন্থ খনে বাঙালী সাহিত্যপ্ৰেমী সকলক চাহ জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ লগতে অসমীয়া সাহিত্যৰ সোৱাদ দিব বুলিও আশা প্ৰকাশ কৰে। গ্ৰন্থ খনৰ লিখক নোমাল মাহাত্তাই অসমৰ চাহ জনগোষ্ঠীৰ লোক সকলৰ সৈতে বিভিন্ন সময়ত মত বিনিময় কৰি লাভ কৰা অভিজ্ঞতাৰ পৰাই এই গ্ৰন্থ খনৰ সৃষ্টি হোৱা বুলি মন্তব্য কৰে।

Also Read: ভুৱা একাউন্টৰ সহায় লৈ ভাৰতৰ বিৰুদ্ধে অপ-প্ৰচাৰ চীনৰ