চাবস্ক্ৰাইব কৰক

0

  • Sign in with Email

By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.

Don’t have an account? Signup

  • Manage Subscription
  • Bookmarks
  • My Profile
  • Log Out
  • E-Paper
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • কনক্লেভ ২০২৪
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিনোদন
  • জীৱন শৈলী
  • স্বাস্থ্য
  • অর্থনীতি
  • সম্পাদনা মেজ
    • বিশেষ প্ৰতিবেদন
    • মোৰ মত
ad_close_btn
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিশেষ লেখা
  • অর্থনীতি
  • স্বাস্থ্য
  • জীৱন শৈলী

Powered by :

আপুনিসফলতাৰেনিউজলেটাৰতচাবস্ক্ৰাইবকৰিছে.
ৰাষ্ট্ৰীয় মুখ্য-পৃষ্ঠা

ভুৱা একাউন্টৰ সহায় লৈ ভাৰতৰ বিৰুদ্ধে অপ-প্ৰচাৰ চীনৰ

ভুৱা একাউন্টৰ সহায় লৈ ভাৰতৰ বিৰুদ্ধে অপ-প্ৰচাৰ চীনৰ

author-image
Asomiya Pratidin
05 Dec 2023 15:57 IST

Follow Us

New Update
ভুৱা একাউন্টৰ সহায় লৈ ভাৰতৰ বিৰুদ্ধে অপ-প্ৰচাৰ চীনৰ

ডিজিটেল ডেস্কঃ ভাৰতীয়ৰ বিৰুদ্ধে ষড়যন্ত্ৰ! ছ'চিয়েল মিডিয়াত একাংশই ভুৱা একাউন্ট তৈয়াৰ কৰি ভাৰতৰ বিৰুদ্ধে চলাই গৈছে অপপ্ৰচাৰ। মেটাৰ শেহতীয়া এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য।

Advertisment

মেটাৰ তথ্য অনুসৰি একাংশই ভাৰতৰ বিষয়ে ভুৱা খবৰ ছচিয়েল মিডিয়াত প্ৰচাৰ কৰি আছে। আৰু এই ভুৱা একাউন্টসমূহ চীনৰ পৰা পৰিচালিত হৈ আছে। কিহৰ বাবে এই ভুৱা একাউন্টবোৰ চলাই আছে এই সন্দৰ্ভত প্ৰতিবেদনত উল্লেখ আছে।

মেটাই প্ৰকাশ কৰিছে যে ই এই বছৰৰ আৰম্ভণিতে চীনৰ পৰা পৰিচালিত হৈ থকা ভুৱা একাউণ্টৰ এটা বৃহৎ নেটৱৰ্ক ধ্বংস কৰা হৈছে।

এই একাউন্টবোৰৰ জৰিয়তে ভাৰতীয় নাগৰিক বুলি পৰিচয় দি ভাৰতীয় ৰাজনীতি আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাজনিত কেইবাটাও বিষয়ত ভুল তথ্য প্ৰচাৰ কৰি গৈছিল। প্ৰতিবেদনত কোৱা হৈছে যে, এই চক্ৰটোৱে ফেচবুকত সাংবাদিক, অধিবক্ত আৰু মানৱ অধিকাৰৰ বিষয়াৰূপে নিজকে পৰিচয় দি ভুৱা একাউন্ট চলাই গৈছিল। এই চক্ৰটোৱে তিব্বত আৰু অৰুণাচলপ্ৰদেশৰ স্থানীয় খবৰ, সংস্কৃতি. খেল, পৰ্যটন আদি বিষয়ৰ ওপৰত ইংৰাজী, হিন্দী আৰু চীনী ভাষাত পোষ্ট কৰিছিল। বিশেষকৈ তিব্বত কেন্দ্ৰিক বিৱৰণবোৰত নেতা দালাই লামা আৰু তেওঁৰ অনুগামীসকলৰ ওপৰত দুৰ্নীতি আৰু শিশুৰ যৌন উৎপীড়নৰ অভিযোগ উত্থাপন কৰিছিল।

লগতে প্ৰতিবেদনত কোৱা হৈছে যে অৰুণাচল প্ৰদেশকেন্দ্ৰিত একাউন্ট সমূহৰ দ্বাৰা ভাৰতীয় সেনা, খেলুৱৈ, বৈজ্ঞানিক আদিৰ সাফাল্য সম্পৰ্কে ইতিবাচক মন্তব্য কৰিছিল। কিন্তু ভাৰত চৰকাৰৰ ওপৰত দুৰ্নীতি, মণিপুৰৰ হিংসাক সমৰ্থন কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

কেৱল ইমানেই নহয়, এই পোষ্টসমূহৰ সত্যতা প্ৰমাণ কৰিবলৈ তেওঁলোকে এটাই আনজনৰ একাউন্টত কমেন্ট, শ্বেয়াৰো কৰিছিল। মেটাই কৈছে যে এই চক্ৰ ধ্বংস কৰা হৈছে।

কেৱল ইমানেই নহয়, প্ৰায় ৪০০০ তকৈ অধিক একাউন্টে আমেৰিকাৰ বিৰুদ্ধেও অপপ্ৰচাৰ চলাইছিল।

Also Read: বিৰোধী শক্তিশালী হ'লে লোকসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰা সম্ভৱঃ লুৰীণজ্যোতি গগৈ

Meta
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক
logo

সম্পৰ্কিতপ্ৰবন্ধসমূহ
পৰৱৰ্তীপ্ৰবন্ধপঢ়ক
সর্বশেষ গল্পসমূহ
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক

Powered by


Subscribe to our Newsletter!




Powered by
ভাষানিৰ্বাচনকৰক
assamese

এইপ্ৰবন্ধটোশ্বেয়াকৰক

যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।
তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব

ফেচবুক
টুইটাৰ
ৱাটছএপ

কপি কৰা হৈছে!