/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/397e704c-cab6-4605-9654-9700b1ddd808/277.jpg)
ডিজিটেল সংবাদ, শিলচৰ : অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ উদ্যোগত প্ৰথমবাৰৰ বাবে শিলচৰত অনুষ্ঠিত হৈছে গ্ৰন্থমেলা। পুলিচ পেৰেড গ্ৰাউণ্ডত শুক্ৰবাৰৰ পৰা অহা ৯ ডিচেম্বৰলৈ অনুষ্ঠিত এই গ্ৰন্থমেলাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কলকাতাৰ বিশিষ্ট কথা সাহিত্যিক তিলোত্তমা মজুমদাৰ আৰু বিশিষ্ট সাংবাদিক, সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/6e33b3a6-df6e-4dae-9597-2984290aed25/22eb536c_8a0a_4313_9ab4_2b16a0177441.jpg)
অনুষ্ঠানত উপস্থিত থাকে কলকতা গ্ৰন্থমেলাৰ আয়োজক, গ্ৰন্থ প্ৰকাশক ত্ৰিদীপ কুমাৰ চট্টোপাধ্যায় , অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা,সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ উপ-সভাপতি বাহাৰুল ইছলাম চৌধুৰী,কাছাৰৰ জিলা আয়ুক্ত ৰোহন কুমাৰ ঝা, আৰক্ষী অধীক্ষক নোমাল মাহাত্তাসহ বিশিষ্ট ব্যক্তি সকল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/1280365e-09ad-4b57-ab53-6fecdaf719ef/896f9377_5718_4c2f_be2a_3dbcf0cc01e9.jpg)
উদ্বোধনী ভাষণত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতে প্ৰথম বাৰৰ বাবে শিলচৰত আয়োজন কৰা হৈছে এই গ্ৰন্থমেলা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/d21baeab-8306-428b-9ce5-c2a9cd84b78e/9b01bc9d_a577_455c_96e5_907092e3b9f9.jpg)
Also Read: চিলাপথাৰৰ সৰবৰাহী লোক প্ৰসন্ন লাহনৰ আকস্মিক বিয়োগত গভীৰ শোক