চিলাপথাৰৰ সৰবৰাহী লোক প্ৰসন্ন লাহনৰ আকস্মিক বিয়োগত গভীৰ শোক

চিলাপথাৰৰ সৰবৰাহী লোক প্ৰসন্ন লাহনৰ আকস্মিক বিয়োগত গভীৰ শোক

ডিজিটেল সংবাদ, চিলাপথাৰ : চিলাপথাৰ নগৰ নিবাসী প্ৰসন্ন লাহনৰ (৬০) শুকুৰবাৰে আকস্মিক মৃত্যুৰ ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। ঘটনাৰ প্ৰাপ্ত বিৱৰণীমতে, চিলাপথাৰ কল্যানপুৰ নিবাসী অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী লাহনে যোৱা কিছুদিনৰ পৰা কোনো গুৰুতৰ ৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড় আদিত্য নাচিং হ'মত চিকিৎসাধীন হৈ আছিল।

তেওঁ আজি পুৱা হঠাৎ অধিক অসুস্থ অনুভৱ কৰে আৰু চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে। লাহনে অসম চৰকাৰৰ স্বাস্থ্য বিভাগত সহকাৰী মেলেৰিয়া বিষয়া হিচাপে দীৰ্ঘ দিনে চাকৰি কৰি যোৱা ১ মাৰ্চত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।

মৃত্যুৰ সময়ত পত্নী,দুগৰাকী কন্যা সহ বহু আত্মীয় সজ্জনক ইহলোক এৰি থৈ গৈছে। অমায়িক আৰু সৰবৰাহী মনোভাৱৰ বাৱেই সকলো ৰাইজৰ মাজত জনপ্ৰিয় প্ৰসন্ন লাহন আমত্যু পৰ্যন্ত অঞ্চলটোৰ বিভিন্ন ৰাজহুৱা কাম-কাজত জড়িত আছিল। তেওঁৰ মৃত্যুত অঞ্চলটোৰ বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে।

চিলাপথাৰৰ সৰবৰাহী লোক প্ৰসন্ন লাহনৰ আকস্মিক বিয়োগত গভীৰ শোক
অসম এনার্জি প্রতিষ্ঠান, শিৱসাগৰৰ তৃতীয় সমাৱর্তন অনুষ্ঠান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in