/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/aabdf7ab-7f27-4bbc-a1c2-e79680ee1a1e/258.jpg)
ডিজিটেল সংবাদ,শিলচৰ : কৰ্তব্য পালনৰ মাজতে সময় উলিয়াই ৰক্তদানৰ দৰে মহান দান কৰি মানৱ সেৱা কৰিছে ভাৰত-বাংলা সীমান্তত কৰ্মৰত একাংশ বি এছ এফ জোৱানে। অহা ১ ডিচেম্বৰৰ দিনা ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে শিলচৰ মাছিমপুৰস্থিত বিএছএফৰ মিজোৰাম- কাছাৰ ফ্ৰন্টিয়াৰে বৃহস্পতিবাৰে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতাল চৌহদত এক স্বেচ্ছামূলক ৰক্তদান শিবিৰৰ আয়োজন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/a30020a0-e96d-4a37-b01e-4fd0e74704e6/2a572c8e_2098_47a5_80f7_32f9aa5e8384.jpg)
SMC হাস্পতালৰ সহযোগত আয়োজিত এই ৰক্তদান শিৱিৰত বিএছএফৰ মিজোৰাম- কাছাৰ ফ্ৰন্টিয়াৰৰ আই জি অখলেশ্বৰ সিং সহ অন্যান্য বিষয়া আৰু জোৱানসকলে ৭৬ ইউনিট ৰক্ত দান কৰে। ৰক্তদান কৰি আই জি অখলেশ্বৰ সিঙে কয় যে, ৰক্তদান এক পুণ্যৰ কাম। এজনৰ ৰক্তদানে আন এজনৰ জীৱন বচাই। গতিকে সকলোকে ৰক্তদান কৰি অন্য এজনৰ জীৱন বচাবলৈ তেওঁ আহ্বান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/f5e76b2a-d978-4a72-93a0-b4dcb8c93e74/f03cb821_0b97_440e_bc17_d318f652425e.jpg)
ইফালে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালত প্ৰতিদিনে ৪০ ইউনিট ৰক্তৰ প্ৰয়োজন হয় । এইদৰে স্বেচ্ছাই ৰক্তদান কৰিলে SMCHত ৰক্তৰ অভাৱ নহ'ব বুলি মন্তব্য কৰি ব্লাড বেংকৰ মুৰব্বী ডা ৰাজীৱ বিশ্বাসে সমাজৰ সকলোকে ৰক্তদান কৰিবলৈ আহ্বান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/c35187d9-4df5-4cd7-9cbb-d03d419d6aab/0bfd49de_a4ec_4adf_b96c_684f3400dc58.jpg)
Also Read: লখিমপুৰ জিলাৰ আয়ুক্ত হিচাপে গায়ত্ৰী দেৱীদাস হ্যায়ালিংগেক নিযুক্তি