পৃথক বৰাকলেণ্ড সন্দৰ্ভত বৰাক বিজেপিৰ প্ৰতিক্ৰিয়া...

পৃথক বৰাকলেণ্ড দাবীক লৈ সম্প্ৰতি মুখ্যমন্ত্ৰীয়ে শিলচৰত মন্তব্য আগবঢ়োৱাৰ পিছত বৰ্তমান ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লাগিছে।

author-image
Asomiya Pratidin
New Update
পৃথক বৰাকলেণ্ড সন্দৰ্ভত বৰাক বিজেপিৰ প্ৰতিক্ৰিয়া...

ডিজিটেল সংবাদ, শিলচৰঃ পৃথক বৰাকলেণ্ড দাবীক লৈ সম্প্ৰতি মুখ্যমন্ত্ৰীয়ে শিলচৰত মন্তব্য আগবঢ়োৱাৰ পিছত বৰ্তমান ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লাগিছে। বৰাকবাসীয়ে বিচাৰিলে পৃথক বৰাক সন্দৰ্ভত আলোচনা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ‌ পিছতে বিৰোধীয়ে তীব্ৰ সমালোচনা কৰিছে মুখ্যমন্ত্ৰীক হিমন্ত বিশ্ব শৰ্মাক।

Advertisment

ইফালে, বিৰোধীৰ‌ সমালোচনাৰ পিছত এইবাৰ মুখ খুলিছে বিজেপিয়ে। পৃথক বৰাকলেণ্ড দাবী কৰি এটা শক্তিয়ে সমগ্ৰ বৰাক উপত্যকাক ইছলামিক ৰাজ্য গঠনৰ গভীৰ ষড়যন্ত্ৰ কৰা বুলি অভিযোগ বিজেপিৰ। দেওবাৰে কাছাৰ বিজেপিৰ কাৰ্যকালত আয়োজিত এক সংবাদ মেলত এই গুৰুতৰ অভিযোগ কৰে ৰাজ্যিক বিজেপিৰ সম্পাদক কনাদ পুৰকায়স্থ, মিডিয়া পেনেলিষ্ট বিশ্বৰূপ ভট্টাচাৰ্য্য আৰু কাছাৰ জিলা বিজেপিৰ সভাপতি বিমলেন্দু ৰয়ে।

কনাদ পুৰকায়স্থৰ অভিযোগ, এসময়ত ম: ছৈয়দ ছাদুল্লা আৰু মৌলানা বাচানিয়ে অসম আৰু পশ্চিম বংগৰ একোটা বৃহৎ অংশ লৈ পাকিস্তানৰ লগত চামিল কৰিব বিচাৰিছিল। সেই ছাদুল্লা আৰু মৌলানা বাচানিৰ সপোন পুৰণ কৰিবলৈয়ে বৰ্তমান মুষ্টিমেয় কেইজন মান লোকে পৃথক বৰাকলেণ্ড দাবী কৰি এখন বৃহত্তৰ ইছলামিক ৰাজ্য গঠনৰ বাবে গভীৰ ষড়যন্ত্ৰ কৰিছে।

বৰ্তমান বিজেপি নেতৃত্বাধীন চৰকাৰে বৰাকৰ উন্নয়নৰ বাবে যিমান কাম কৰিছে, তেনে স্থলত পৃথক বৰাক দাবী কৰাৰ কোনো কাৰণ থাকিব নোৱাৰে বুলি দাবী কৰে। কনাদ পুৰকায়স্থই লগতে কয় যে বৰাকৰ কোনো লোকে আজিলৈ পৃথক বৰাক দাবী কৰা নাই। যিসকলে পৃথক বৰাক দাবী কৰিছে তেওঁ লোকৰ কোনো জনভিত্তি নাই । এই দাবী সম্পূৰ্ণ বৰাক বিৰোধী বুলি মন্তব্য কনাদ পুৰকায়স্থৰ।

অনুৰূপ মন্তব্য কাছাৰ জিলা বিজেপিৰ সভাপতি বিমলেন্দু ৰয় আৰু ৰাজ্যিক বিজেপিৰ মিডিয়া পেনেলিষ্ট বিশ্বৰূপ ভট্টাচাৰ্য্যৰো। বৰাকবাসী সদায় অসমৰ লগত আছে আৰু ভবিষ্যতেও অসমৰ লগত থাকিব বুলি মন্তব্য কৰে বিমলেন্দু ৰয়ে। আনহাতে যিকেইজন মুষ্টিমেয় লোকে পৃথক বৰাক দাবী কৰিছে, বিজেপি সেয়া সৰ্বশক্তি প্ৰয়োগ কৰি হ'লেও বাধা প্ৰদান কৰিব বুলি হুংকাৰ বিশ্বৰূপ ভট্টাচাৰ্যৰ।

Also Read: দণ্ডাধীশ-অভিযন্তা-আৰক্ষীক তলা লগাই পলাল কৰ ফাঁকি দিয়া ব্যৱসায়ী

bjp