শিলচৰৰ গুৰুচৰণ মহাবিদ্যালয়ত প্লাষ্টিকৰ ভয়াৱহতা শীৰ্ষক সজাগতা সভা...

শিলচৰৰ গুৰুচৰণ মহাবিদ্যালয়ত প্লাষ্টিকৰ ভয়াৱহতা শীৰ্ষক সজাগতা সভা...

author-image
Asomiya Pratidin
New Update
শিলচৰৰ গুৰুচৰণ মহাবিদ্যালয়ত প্লাষ্টিকৰ ভয়াৱহতা শীৰ্ষক সজাগতা সভা...

শিলচৰৰ গুৰুচৰণ মহাবিদ্যালয়ত প্লাষ্টিকৰ ভয়াৱহতা শীৰ্ষক সজাগতা সভা...

ডিজিটেল সংবাদ শিলচৰঃ  বৰাক উপত্যকাৰ উচ্চশিক্ষাৰ প্ৰাণ কেন্দ্ৰ শিলচৰৰ গুৰুচৰণ মহাবিদ্যালয়ৰ উদ্যোগত সোমবাৰে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত প্লাষ্টিকৰ ভয়াৱহতাৰ ওপৰত এখনি মনোজ্ঞ সজাগতা সভা অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ সহস্ৰাধিক শিক্ষক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা সভাত অসম বিশ্ববিদ্যালয়ৰ পৰিবেশ আৰু পৰিস্থিতিতন্ত্ৰ বিভাগৰ সহকাৰী অধ্যাপৰ ড° পান্না দেয়ে মুখ্য অতিথি হিচাবে উপস্থিত থাকি সাম্প্ৰতিক পৰিবেশ পৰিস্থিতি আৰু পাৰিপাৰ্শ্বিক ক্ষেত্ৰখনত প্লাষ্টিকজাত সামগ্ৰীয়ে পেলাই অহা নেতিবাচক আৰু কু প্ৰভাৱ সন্দৰ্ভত বিশ্লেষণাত্মক বক্তব্য আগবঢ়াই ।

Advertisment

ড০ পান্না দেই অনাগত সময়ত প্লাষ্টিক জাত সামগ্ৰীয়ে মানৱ জীৱনৰ লগতে সভ্যতাৰ  প্ৰতি মাতি অনা প্ৰচণ্ড ভাবুকি সন্দৰ্ভত গৱেষণালব্ধ বক্তব্য আগবঢ়াই উপস্থিত মহাবিদ্যালয়ৰ শিক্ষক বিদ্যাৰ্থীসকলক উপকৃত কৰে। মহাবিদ্যালয়ৰ সহকাৰী আধ্যাপিকা ড° জ্যোতি হাজৰিকাই আঁত ধৰা সজাগতা সভাত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° বিভাস দেৱ, উপাধ্যক্ষ ড° গোপা সিং,  উদ্ভিদ বিজ্ঞান বিভাগৰ প্ৰবক্তা ড° আশীষ নাথে প্লাষ্টিক আৰু প্লাষ্টিক জাত সামগ্ৰীৰ ব্যৱহাৰৰ জৰিয়তে মানৱ জীৱনত পেলাব পৰা ভয়াৱহতাৰ ওপৰত বিস্তৃত উপস্থাপন কৰে।

বিভিন্ন ধৰণৰ প্লাষ্টিক যেনে এইচ ডি পি ই, পি ভি চি, এল ডি পি ই আদিয়ে প্ৰাণীকুল, সাগৰীয় চৰাই, আনকি মানুহৰ তেজত উপলব্ধ মাইক্ৰ’প্লাষ্টিকৰ বিৰূপ প্ৰভাৱৰ লগতে মাতৃদুগ্ধৰ ওপৰত কিদৰে ঋণাত্মক প্ৰভাৱ পৰিছে তাৰ বিষয়েও আলোচনা আগবঢ়াই ড০ পান্না দেই এইক্ষেত্ৰত কিছুমান বাস্তৱিক আৰু প্ৰায়োগিক সমাধানৰ সুত্ৰ আগবঢ়ায়।

গুৰুচৰণ মহাবিদ্যালয়ৰ সহকাৰী আধ্যাপিকা ড° জ্যোতি হাজৰিকা, চন্দ্ৰমিতা বড়োৱে উদ্যোগ লোৱা সজাগতা সভাত মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপক ৰিম্পী সোনোৱাল, বসুমতাৰী, ড° বামনকিৰি ৰংপি, ড° জুৰি বৰা, নাজৰানা চুলতানা বেগমৰ লগতে এন এছ এছৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱক আৰু শিক্ষাসদী ৰাইজে এই সজাগতা সভা সফল্য মণ্ডিত কৰাত বিশেষ ভূমিকা আগবঢ়াই।

Also Read: বিজেপি নেতাৰ বিৰুদ্ধে মহিলা কৰ্মীৰ শ্লীলতাহানিৰ অভিযোগঃ চেণ্ডেলেৰে কোবাই নিলে চোচৰাই...

গুৰুচৰণ মহাবিদ্যালয়