বিজেপি নেতাৰ বিৰুদ্ধে মহিলা কৰ্মীৰ শ্লীলতাহানিৰ অভিযোগঃ চেণ্ডেলেৰে কোবাই নিলে চোচৰাই...

বিজেপি নেতাৰ বিৰুদ্ধে মহিলা কৰ্মীৰ শ্লীলতাহানিৰ অভিযোগঃ চেণ্ডেলেৰে কোবাই নিলে চোচৰাই...

author-image
Asomiya Pratidin
New Update
বিজেপি নেতাৰ বিৰুদ্ধে মহিলা কৰ্মীৰ শ্লীলতাহানিৰ অভিযোগঃ চেণ্ডেলেৰে কোবাই নিলে চোচৰাই...

বিজেপি নেতাৰ বিৰুদ্ধে মহিলা কৰ্মীৰ শ্লীলতাহানিৰ অভিযোগঃ চেণ্ডেলেৰে কোবাই নিলে চোচৰাই...

ডিজিটেল সংবাদ কৰিমগঞ্জঃ পুনৰ বিজেপি নেতাৰ বিৰুদ্ধে বিজেপিৰ মহিলা কৰ্মীক শ্লীলতাহানিৰ গুৰুতৰ অভিযোগ। চেণ্ডেলেৰে কোবাই কোবাই আটক কৰা হ'ল বিজেপিৰ সংখ্যালঘু নেতা নৰুল হাছান তালুকদাৰক। ঘটনাক কেন্দ্ৰকৰি অঞ্চলজুৰি তীব্ৰ উত্তেজনা।

Advertisment

অভিযোগ অনুসৰি কৰিমগঞ্জ ৰাতাবাড়িৰ বিধায়ক বিজয় মালাকাৰৰ ঘনিষ্ঠ দুৰ্লভছড়া মণ্ডলৰ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি নৰুল হাছান তালুকদাৰে ৰাতিৰ ভাগত ৰামকৃষ্ণনগৰ এলাকাৰ এগৰাকী বিজেপি মহিলা কৰ্মীৰ শ্লীলতাহানিৰ চেষ্টা কৰে। পিছে মহিলাগৰাকীয়ে বিজেপিৰ এই নেতাগৰাকীক চেণ্ডেলেৰে কোবাই চোচৰাই আনে।

মহিলানেত্ৰীগৰাকীৰ চিঞৰ শুনি স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ নৰুল হাছানক উত্তম মধ্যম দি আৰক্ষীক গতাই দিয়ে। আৰক্ষীয়ে বিজেপি নেতাগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰাই জিলা সদৰলৈ প্ৰেৰণ কৰে।

উল্ল্যেখ ৰাতাবাড়িৰ বিধায়কৰ ঘনিষ্ঠ হোৱাৰ বাবে নুৰুল হাছান তালুকদাৰে দুৰ্লভছড়া মণ্ডলৰ সংখ্যালঘু মৰ্চাৰ সভাপতিৰ লগতে ৰাতাবাড়ি উচ্চ মাধ্যমিক বিদ্যালয়ৰো পৰিচালনা সমিতিৰ সভাপতি হিচাপে নির্বাচিত হৈছিল। এনে এগৰাকী বিজেপি নেতাৰ এই কুকৰ্ম পোহৰলৈ অহাত এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Also Read: মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খনন আৰু চিণ্ডিকেটৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ...

বিজেপি