চলন্ত ৰে'লত যুৱতীৰ শ্লীলতাহানিৰ চেষ্টা : সামাজিক মাধ্যমত জনালে সমগ্ৰ ঘটনা

চলন্ত ৰে'লত যুৱতীৰ শ্লীলতাহানিৰ চেষ্টা : সামাজিক মাধ্যমত জনালে সমগ্ৰ ঘটনা

ডিজিটেল সংবাদ,শিলচৰ : নিশা চলন্ত ৰে'লত যুৱতীক শ্লীলতাহানিৰ চেষ্টা এগৰাকী পাষাণ প্ৰকৃতিৰ যাত্ৰীৰ। শিয়ালদাহ-শিলচৰ কাঞ্চনজংঘা এক্সপ্ৰেছত সংঘটিত হৈছে এই ঘটনা ৷ ফেইচবুক লাইভৰ দ্বাৰা লম্পট যাত্ৰীগৰাকীৰ কুৰ্কম পোহৰলৈ আনিছে ভুক্তভোগী যুৱতীগৰাকীয়ে ৷

ৰে'লখনত আন যাত্ৰীৰ সহযোগত মাজনিশা ৰঙিয়া ৰে'ল আৰক্ষীক সমজাই দিয়া হৈছে লম্পট যাত্ৰীগৰাকীক ৷ ধৃত ব্যক্তিগৰাকীৰ নাম অভিজিৎ ৰাউত বুলি জানিব পৰা গৈছে ৷

জানিব পৰামতে ভুক্তভোগী যুৱতীগৰাকীয়ে পৰিয়ালৰ সৈতে শিয়ালদাৰ পৰা শিলচৰলৈ বুলি কাঞ্চনজংঘা এক্সপ্ৰেছত আহি আছিল ৷ মাজনিশা যেতিয়া যুৱতীগৰাকী গভীৰ নিদ্ৰাত পৰিছিল,তেতিয়া আন্ধাৰৰ সুযোগ লৈ নিচাগ্ৰস্ত অভিজিৎ ৰাউতে যুৱতীগৰাকীৰ সৈতে অপকৰ্ম কৰাৰ চেষ্টা কৰে ৷

টোপনিত থকাৰ সুযোগতে যুৱতীগৰাকীৰ আপত্তিজনক স্থান স্পৰ্শ কৰে। এনে অৱস্থাতে যুৱতীগৰাকীয়ে সাৰ পাই হাতে-লোটে ধৰে লম্পট প্ৰকৃতিৰ ৰাউতক ৷ ইয়াৰ পিছতে যুৱতীগৰাকীৰ চিঞৰত দৌৰি আহে আন যাত্ৰীসকল আৰু ধৃত লোকজনক আটক কৰে।

উল্লেখ্য যে ঘটনাৰ পিছতে ভুক্তভোগী যুৱতীগৰাকীয়ে নিশা ফেইচবুক লাইভ কৰি সকলো ঘটনাৰ বৰ্ণনা কৰিছে। আলিপুৰদুৱাৰ-ৰঙিয়াৰ মাজৰ এঠাইত ঘটনাটো সংঘটিত হৈছে বুলি উল্লেখ ৷ এই ঘটনাৰ পিছতে মাজনিশাই ৰঙিয়া ৰেল আৰক্ষীৰ হাতত গতাই দিয়া হৈছে ধৃত ৰাউতক ৷

আনহাতে যুৱতীগৰাকীৰ অভিযোগ মতে আলিপুৰদুৱাৰ ষ্টেচনৰ পৰা ৰে'লত উঠিছিল ধৃত ব্যক্তিজন ৷ লামডিং যোৱাৰ উদ্দেশ্যে উঠিছিল ব্যক্তিগৰাকী ৷ অভিযোগ অনুসৰি টিকটবিহীনভাৱে যাত্ৰা কৰিছিল ধৃত ব্যক্তিগৰাকী। আনকি যাত্ৰাৰ সময়তে তেওঁ সুৰাপান কৰা বুলি ভুক্তভোগী যুৱতীগৰাকীয়ে উল্লেখ কৰে ৷

ইফালে এই ঘটনাৰ পাছত ৰে'লত মহিলা যাত্ৰীসকলৰ নিৰাপত্তাক লৈয়ো প্ৰশ্ন উত্থাপিত হৈছে ৷

চলন্ত ৰে'লত যুৱতীৰ শ্লীলতাহানিৰ চেষ্টা : সামাজিক মাধ্যমত জনালে সমগ্ৰ ঘটনা
কন্যাক ষ্টেচনত এৰি পলাল মাতৃ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in