কন্যাক ষ্টেচনত এৰি পলাল মাতৃ

কন্যাক ষ্টেচনত এৰি পলাল মাতৃ

ডিজিটেল সংবাদ,কামপুৰ : এগৰাকীৰ মাতৃৰ কৰ্মকাণ্ডই নগাঁও জিলাৰ কামপুৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে। মাতৃগৰাকীৰ কাণ্ডই লজ্জানত কৰিছে সমগ্ৰ অঞ্চলটোক। নিজ সন্তানক ষ্টেচনত এৰি থৈ, মাতৃ গ'ল কেৰেলালৈ।

জানিব পৰামতে, মল্লিকা খাতুন নামৰ মাতৃগৰাকীয়ে তেওঁৰ ১২ বছৰীয়া জীয়ৰীক ৰে'লৱে ষ্টেচনত পেলাই থৈ পলায়ন কৰে। স্থানীয় লোকে জানিবলৈ দিয়া মতে, কন্যাগৰাকীৰ মাতৃয়ে নিজ কন্যাক এৰি ৰে'লযোগে কেৰেলালৈ পলায়ন কৰে। অৱশ্যে কি কাৰণত এনে ঘটনা ঘটিবলৈ পালে সেই সন্দৰ্ভত সম্প্ৰতি জানিব পৰা হোৱা নাই।

উল্লেখযোগ্য যে তেজপুৰ এম বজাৰৰ ছাত্ৰী ভুক্তভোগী কন্যাগৰাকী। তেওঁৰ নাম ঢামচুন নেহা বুলি জানিবলৈ দিয়ে। সম্প্ৰতি ভুক্তভোগী ছাত্ৰীগৰাকী ওচৰৰে এঘৰ লোকৰ ঘৰত আশ্ৰয় লৈ আছে।

কন্যাক ষ্টেচনত এৰি পলাল মাতৃ
পুৰণা লাহৰিজানত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in