/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/7ebd47e3-182c-4c3d-8ec7-ab9912123f02/5.jpg)
ডিজিটেল সংবাদ, শিলচৰঃ ৰাজ্যত এতিয়াও অব্যাহত আছে নিষিদ্ধ দ্ৰব্যৰ সৰবৰাহ। ড্ৰাগছ সৰবাৰাহকাৰী বিৰুদ্ধে চলোৱা অভিযানত পুনৰ অসম ৰাইফলচৰ বৃহৎ সাফল্য । অসম ৰাইফলচৰ দ্বাৰা জব্দ কৰা হ'ল ৩ কোটি টকা মূল্যৰ নিষিদ্ধ সামগ্ৰী ।
নাৰ্কটিক ড্ৰাগছ আৰু চাইকোট্ৰপিক দ্ৰব্যৰ বিৰুদ্ধে চলোৱা অভিযানত অসম ৰাইফলছে ১৪ ফেব্ৰুৱাৰীত অসমৰ কাছাৰ জিলাৰ শিলচৰ চহৰৰ ৰামনগৰ অঞ্চলৰ পৰা ৩ কোটি টকাৰ ২০০০০ টা ডব্লিউ ৱাই টেবলেট উদ্ধাৰ কৰে । এই ঘটনাৰ লগত জড়িত ধৃত সৰবৰাহকাৰীক অসম আৰক্ষীক হস্তাতন্তৰ কৰে অসম ৰাইফলছে ৷
Also Read: কলিয়াবৰ মহকুমা চিকিৎসালয়ত চিটি স্কেন-ডাইগনষ্টিক চেন্টাৰ মুকলি...