লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি শিলচৰত অসম আৰক্ষীৰ বিশেষ পৰ্যালোচনা বৈঠক

লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি শিলচৰত অসম আৰক্ষীৰ বিশেষ পৰ্যালোচনা বৈঠক

ডিজিটেল সংবাদ, শিলচৰ: ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ তাৰিখ এতিয়াও ঘোষণা কৰা হোৱা নাই। তাৰিখ ঘোষণা নহ'লেও নিৰ্বাচনক কেন্দ্ৰ কৰি তৎপৰ‌তা আৰম্ভ হৈছে অসম আৰক্ষীৰ। আগন্তুক নিৰ্বাচনক লক্ষ্য কৰি ইতিমধ্যে ঠায়ে ঠায়ে আৰম্ভ হৈছে আইন-শৃংখলা জনিত পৰ্যালোচনা বৈঠক ।

ইয়াৰ অংশ হিচাপে সোমবাৰে শিলচৰত ৰাজ্য আৰক্ষীৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ কনফাৰেন্স হলত অনুষ্ঠিত এই পৰ্যালোচনা বৈঠকত আইন-শৃংখলা বিভাগৰ আই জি আৰু ৰাজ্যিক আৰক্ষীৰ ন’ডেল বিষয়া প্ৰশান্ত কুমাৰ ভূঞাই (আই পি এছ) অংশগ্ৰহণ কৰে। সভাত জিলাখনৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তা, অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰত কুমাৰ সেন, ২জন ডি এছ পিসহ আটাইকেইখন থানা আৰু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সকল উপস্থিত থাকে।

এই বৈঠকত মূলতঃ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সৈতে জড়িত বিভিন্ন সম্ভাৱ্য আইন-শৃংখলা বিষয়ৰ পৰ্যালোচনা কৰা হয়। আই জি প্ৰশান্ত কুমাৰ ভূঞাই আইন-শৃংখলা সম্পৰ্কীয় বিভিন্ন বিষয়ে ব্রিফিং দিয়ে।

বিশেষ সূত্ৰৰ মতে, গ্ৰেপ্তাৰৰ আশংকাত পলাই থকা কুখ্যাত অপৰাধী, জামিনহীন অপৰাধী আৰু নিৰ্বাচনৰ সময়ত অশান্তিৰ সৃষ্টি কৰা "ট্ৰাবল মংগাৰ" সকলক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়া হয়। ইয়াৰ উপৰিও নিৰ্বাচন আৰু আইন-শৃংখলা সম্পৰ্কীয় আন বিভিন্ন বিষয়ৰ ওপৰত বৈঠকত আলোচনা কৰা হয়।

লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি শিলচৰত অসম আৰক্ষীৰ বিশেষ পৰ্যালোচনা বৈঠক
দক্ষিণ ভাৰতত 'মিচাউঙ'ৰ তাণ্ডৱ : বৰ্তমানলৈ নিহত ৩জন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in