থাং-টা গেমছত স্বৰ্ণ পদক লাভ কাছাৰৰ খেলুৱৈ ৰুমী সিংহৰ

থাং-টা গেমছত স্বৰ্ণ পদক লাভ কাছাৰৰ খেলুৱৈ ৰুমী সিংহৰ

author-image
Asomiya Pratidin
New Update
 থাং-টা গেমছত স্বৰ্ণ পদক লাভ কাছাৰৰ  খেলুৱৈ ৰুমী সিংহৰ

ডিজিটেল সংবাদ, শিলচৰঃ থাং-টা খেলত স্বৰ্ণ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়ালে কাছাৰ জিলাৰ এগৰাকী যুৱতীয়ে। যোৱা ৩ অক্টোবৰৰ পৰা ৫ অক্টোবৰলৈ শ্ৰীনগৰত অনুষ্ঠিত ১৯ সংখ্যক ৰাষ্ট্ৰীয় থাং-টা গেমছত অসমৰ পৰা প্ৰতিনিধিত্ব কৰি স্বৰ্ণ পদক লাভ কৰে কাছাৰ জিলাৰ বৰখলাৰ পুৰন্দপুৰৰ খেলুৱৈ ৰুমী সিংহই।

Advertisment

জম্মু কাশ্মীৰ আৰু শ্ৰীনগৰৰ খেলুৱৈক পৰাজিত কৰি ৰুমী সিংহই প্ৰথম স্থান লাভ কৰি সোনৰ পদক লাভ কৰিবলৈ সক্ষম হয়। পদক লৈ মঙলবাৰে বৰখলাৰ নিজ গৃহত উপস্থিত হোৱা খেলুৱৈ গৰাকীক বৰখলা বাসীয়ে উষ্ণ আদৰণি জনায়।

বেণ্ড পাৰ্টিৰে সমদল কৰি খেলুৱৈ গৰাকীক আদৰণি জনোৱাৰ লগতে চেডো NGO ৰ সভাপতি অজিত দাস, বৰখলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌতম চন্দ্ৰ কুমাৰ,সহ বিভিন্ন সংগঠনে গামোচা আৰু উত্তৰীয় পিন্ধাই সম্বৰ্ধনা জনায় খেলুৱৈ গৰাকীক। বৰখলাৰ পুৰন্দৰপুৰ গাৱঁৰ পৰা শ্ৰীনগৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলতো অংশ গ্ৰহন কৰি ৰুমী সিংহই কাছাৰ সহ অসমলৈ গৌৰৱ কঢ়িয়াই অনাত সকলোৱে গৌৰৱ বোধ কৰে। খেলুৱৈ গৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে ভবিষ্যতে অসমৰ নাম আৰু উজ্জ্বল কৰিব বুলি আশা প্ৰকাশ কৰে তেওঁলোকে।

Also Read: ইন্দ্ৰাণী তদবিলদাৰ কাণ্ডঃ অভিমুন্য দাসক গ্ৰেপ্তাৰ কৰিব নোৱাৰা বাবে সম্পূৰ্ণ হোৱা নাই চাৰ্জশ্বিট

Assam police