ইন্দ্ৰাণী তদবিলদাৰ কাণ্ডঃ অভিমুন্য দাসক গ্ৰেপ্তাৰ কৰিব নোৱাৰা বাবে সম্পূৰ্ণ হোৱা নাই চাৰ্জশ্বিট

বিজেপি নেত্রী ইন্দ্রাণী তহবিলদাৰৰ আত্মহননৰ ঘটনা সন্দৰ্ভত তদন্তকাৰী আৰক্ষীয়ে প্রস্তুত কৰিছে ১২০০ পৃষ্ঠাৰ ছাৰ্জশ্বীট।

author-image
Asomiya Pratidin
New Update
প্রকাশ পালে ইন্দ্রাণী তহবিলদাৰৰ মৰণোত্তৰ ফৰেনছিক প্রতিবেদন

ডিজিটেল ডেস্কঃ বিজেপি নেত্রী ইন্দ্রাণী তহবিলদাৰৰ আত্মহননৰ ঘটনা সন্দৰ্ভত তদন্তকাৰী আৰক্ষীয়ে প্রস্তুত কৰিছে ১২০০ পৃষ্ঠাৰ ছাৰ্জশ্বীট। ছাৰ্জশ্বীটত অনুৰাগ চলিহা, দ্বিবন ডেকাৰ নাম স্পষ্টভাৱে উল্লেখ আছে বুলি জানিব পৰা গৈছে।

Advertisment

টকাৰ বিনিময়ত চাকৰি কেলেংকাৰীৰ অভিযুক্তৰ তালিকা দীঘলীয়া। কিন্তু অভিমন্যুক গ্রেপ্তাৰ কৰিব নোৱাৰাৰ বাবে সম্পূৰ্ণ কৰিব পৰা নাই ছাৰ্জশ্বীট। আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই অভিমন্যু দাসক।

সম্প্রতি অভিমন্যু থাইলেণ্ডত থকা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে সকলো বেংক একাউণ্ট ব্লক কৰিছিল অভিমন্যুৰ। গুৱাহাটী এৰাৰ সময়ত অভিমন্যুৱে হাতত নিছিল প্রায় ৩০-৩৫ লাখ টকা।

উল্লেখ্য যে, বিজেপি নেত্ৰীগৰাকীয়ে আত্মহত্যা কৰাৰ পাছতে বহু ভয়ংকৰ তথ্য পোহৰলৈ আহিছিল। গোলাঘাটৰ যুৱক অনুৰাগ চলিহাৰ ইন্দ্ৰাণী ফুকন তহবিলদাৰৰ আত্মহত্যাৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক আছিল। এইগৰাকী অনুৰাগ চলিহাই বিভিন্নজনৰ পৰা চাকৰি আৰু অন্যান্য কাম দিয়াৰ নামত সংগ্ৰহ কৰিছিল বুজন পৰিমাণৰ ধন।

সেই ধন উভতাই দিব নোৱাৰাৰ বাবেই অভিমন্যু দাস নামৰ এজন লোকে অনুৰাগ চলিহাক মাৰপিট কৰি তেওঁৰ পৰা কাঢ়ি লৈছিল আইফোনটো। এই আইফোনটোতে আছিল অনুৰাগ আৰু ইন্দ্ৰাণীৰ কিছু অন্তৰংগ মুহূৰ্তৰ ফটো আৰু ভিডিঅ'।

ইয়াৰ পাছতে অভিমন্যু দাসে এই ফটো আৰু ভিডিঅ' ভাইৰেল কৰি দিয়াৰ ভাবুকি প্ৰদান কৰিবলৈ আৰম্ভ কৰিছিল। আৰু পৰৱৰ্তী সময়ত সেই ফটোবোৰেই ভাইৰেল হৈ পৰিছিল। যাৰ বাবে ইন্দ্ৰাণী ফুকন তহবিলদাৰে আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল।

আৰক্ষীৰ তথ্য অনুসৰি, অনুৰাগক চলিহাৰ ওপৰত প্ৰতিশোধ লোৱাৰ উদ্দেশ্যৰেই কিছুদিন পূৰ্বে অভিমন্যু দাসে সামাজিক মাধ্যমত ভাইৰেল কৰে ইন্দ্ৰাণী-অনুৰাগৰ গোপন ফটো।

এই ঘটনা সন্দৰ্ভত বৰ্তমানলৈ কেইবাগৰাকী অভিযুক্ত গ্ৰেপ্তাৰ হৈছে।

Also Read: পুনৰ চাইবাৰ অপৰাধ : দিশপুৰ থানাত উপস্থিত বহিঃৰাজ্যৰ ভুক্তভোগী

bjp