কাটিগৰাত মৰেল পুলিচিঙৰ সন্দৰ্ভত পাঁচজনক গ্ৰেপ্তাৰ

অৱশেষত পাঁচজন অভিযুক্ত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। বৰ্তমান পাঁচজনক গ্ৰেপ্তাৰ কৰিছে যদিও আৰক্ষীৰ মতে এই ঘটনাত আৰু প্ৰায় ২০/২৫ জন যুবক জড়িত আছে । এওঁলোকৰ বিৰুদ্ধেও আৰক্ষীৰ অভিযান অব্যাহত আছে বুলি সদৰি কৰিছে আৰক্ষীয়ে।

author-image
Asomiya Pratidin
New Update
কাটিগৰাত মৰেল পুলিচিঙৰ সন্দৰ্ভত পাঁচজনক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, শিলচৰঃ বাইক চুৰিৰ সন্দেহত সোমবাৰে কাটিগড়াৰ নুন নগৰ মোহনপুৰত এজন যুৱকৰ ওপৰত মৰেল পুলিচিং কৰা পাঁচ জন অভিযুক্তক অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে কাটিগৰা আৰক্ষী। ধৃত আটাইকেইজন কাটিগৰা এলেকাৰ। তেওঁলোক হৈছে গোবিন্দপুৰ তৃতীয় খণ্ডৰ দিলৱাৰ আহমেদ চৌধুৰী, টিকোৰপাৰাৰ জিয়াবুৰ ৰহমান চৌধুৰী আৰু আবুল হুছেইন বৰভূঞা, মোহনপুৰ দ্বিতীয় খণ্ডৰ ৰুবেল আলম চৌধুৰী আৰু নুননগৰৰ চাহজামুল ইছলাম চৌধুৰী ।

Advertisment

বাইক চুৰিৰ সন্দেহত আফজল হুছেইন লস্কৰ নামৰ এজন যুৱকক মাৰধৰ কৰি ৰাজহুৱা স্থানত তেওঁৰ মূৰৰ চুলি খুৰাই দিছিল একাংশ উদণ্ড যুৱকে। এইদৰে নিজে আইন হাতত তুলি যুৱকজনক পাশৱিক অত্যাচাৰ চলোৱা ভিডিঅ' সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত আৰক্ষীয়ে মৰেল পুলিচিং কৰা যুৱক কেইজনৰ বিৰুদ্ধে অভিযান চলায়।

অৱশেষত পাঁচজন অভিযুক্ত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। বৰ্তমান পাঁচজনক গ্ৰেপ্তাৰ কৰিছে যদিও আৰক্ষীৰ মতে এই ঘটনাত আৰু প্ৰায় ২০/২৫ জন যুবক জড়িত আছে । এওঁলোকৰ বিৰুদ্ধেও আৰক্ষীৰ অভিযান অব্যাহত আছে বুলি সদৰি কৰিছে আৰক্ষীয়ে।

Also Read: অভিশ্ৰুতি বেজবৰুৱাৰ 'দীঘলতি দীঘলপাত' শীৰ্ষক গীত মুকলি

Silchar moral police