/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/f2a351d7-472a-4dc0-ac2c-c6b46f7086b1/5.jpg)
ডিজিটেল সংবাদ, শিলচৰঃ সোমবাৰে দেশৰ ৪৬ স্থানত আৰম্ভ হৈছে ৰোজগাৰ মেলা। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে শিলচৰতো আৰম্ভ হৈছে এই ৰোজগাৰ মেলাৰ। শিলচৰ মাছিপুৰস্থিত বি এছ এফ কেম্পত আয়োজিত এই ৰোজগাৰ মেলাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলী ৷
এই ৰোজগাৰ মেলাত ডাক বিভাগত ৫৪, এন আই টি ত ৭, চি আৰ পি এফত ২ আৰু বিএছএফত ১ গৰাকীসহ মুঠ ৬৪ গৰাকী চাকৰি প্ৰাৰ্থীৰ হাতত নিযুক্তি পত্ৰ প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে।
উল্লেখ্য যে, সমগ্ৰ দেশত আজি ৰোজগাৰ মেলাৰ জৰিয়তে ১ লাখতকৈয়ো অধিক নিযুক্তি-পত্ৰ বিতৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্চুৱেলী শুভাৰম্ভ কৰিছে এই কাৰ্যসূচীৰ।
Also Read: দ্বিতীয় বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰ হ'ল সৌৰমূৰী কদমতল সত্ৰ