/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/ddafa384-9a23-4420-9dd5-a07b7b822856/3.jpg)
ডিজিটেল ডেস্কঃ মঙ্গলবাৰে শিলচৰ উন্নয়ন সন্থাৰ কাৰ্যালয়ত দুর্নীতি নিবাৰক শাখাই এক অভিযান চলাই ৷ এই অভিযানত উৎকোচ লোৱাৰ সময়ত হাতেলোটে ধৰা পৰে এজন বিষয়া ৷ গ্ৰেপ্তাৰ হোৱা বিষয়াজনৰ নাম অভিজিত কৰ ৷ ফিল্ড এছিছটেন্ট পদত কৰ্মৰত আছিল অভিজিত কৰ ৷
১৫হাজাৰ টকা উৎকোচ লোৱাৰ সময়ত দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে বিষয়াজনক ৷ শিলচৰৰ এজন বাসিন্দা পৰা ১৫হাজাৰ টকা উৎকোচ বিচাৰিছিল অভিজিত কৰে ৷ দুৰ্নীতি নিবাৰক শাখাৰ ৫জনীয়াৰ দলে অতৰ্কিত অভিযান চলাই হাতেলোটে গ্ৰেপ্তাৰ কৰে অভিজিতক ৷
Also Read: নাগৰিকত্ব সংশোধনী আইন (কা)-বিৰোধী সমন্বয় সমিতিৰ বৈঠক