শিলচৰত অঙ্গনৱাডী কৰ্মী-সহায়িকাৰ ভোট বৰ্জনৰ হুংকাৰ

চৰকাৰে অঙ্গনৱাডী কৰ্মী- সহায়িকাসকলৰ দাবী মানি নল'লে আসন্ন লোকসভা নিৰ্বাচনত ভোট বৰ্জন কৰাৰ হুংকাৰ দিছে অংগণবাড়ী কৰ্মী সহায়িকাসকলে।

author-image
Asomiya Pratidin
New Update
শিলচৰত অঙ্গনৱাডী কৰ্মী-সহায়িকাৰ ভোট বৰ্জনৰ হুংকাৰ

ডিজিটেল সংবাদ, শিলচৰঃ চৰকাৰে অঙ্গনৱাডী কৰ্মী- সহায়িকাসকলৰ দাবী মানি নল'লে আসন্ন লোকসভা নিৰ্বাচনত ভোট বৰ্জন কৰাৰ হুংকাৰ দিছে অংগণবাড়ী কৰ্মী সহায়িকাসকলে। অংগনবাড়ী কৰ্মীসকলক ১৫ হাজাৰ আৰু সহায়িকা সকলক ১০ হাজাৰ দৰ্মহা প্ৰদান, কৰ্মচাৰী সকলক চৰকাৰী চাকৰিয়াল হিচাপে স্বীকৃতি সহ কেবাটাও দাবী আদায়ৰ সমৰ্থনত শিলচৰত অৱস্হান ধৰ্মঘটত বহা কাছাৰ জিলাৰ শ শ অংগণবাডী কৰ্মী সহায়িকাই সোমবাৰে এইদৰে চৰকাৰক সকীয়নি প্ৰদান কৰে।

Advertisment

অজন্তা নেওগ মূৰ্দাবাদ, অজন্তা নেওগ হায় হায়, অসম চৰকাৰ হুচিয়াৰ আদি শ্লোগান দি পৰিস্থিতি উত্তাল কৰে কাছাৰ জিলাৰ অংগণবাড়ী কৰ্মী-সহায়িকাসকলে। চৰকাৰে তেওঁলোকৰ দাবী মানি নোলোৱা পৰ্য্যন্ত আন্দোলন অব্যাহত ৰাখিব বুলি উল্লেখ কৰি আন্দোলনকাৰীসকলে লগতে কয় যে ইয়াৰ পিছতো দাবী মানি নললে আসন্ন লোকসভা নিৰ্বাচনৰ ভোট বৰ্জন কৰিব কাছাৰ ১ লাখ ২০ হাজাৰ কৰ্মচাৰীয়ে।

Also Read: মঙলদৈত এখন ব্যতিক্ৰমী বিবাহ

Silchar anganbari