/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/36a6f1e3-2826-4784-afa4-17b625628740/6.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ সোমবাৰে মঙলদৈ লাচিত নগৰৰ শ্ৰী শ্ৰী বাসুদেৱ মন্দিৰত বিবাহ পাশত আবদ্ধ হ'ল মঙলদৈ লাচিত নগৰৰ ডিম্পল মেধি আৰু ইছলাম পুৰ বনিয়াপাৰাৰ ই-ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰা সঞ্জীৱ বৈশ্যৰ।
লাচিত নগৰৰ ডিম্পল মেধি এটি আৰ্থিকভাৱে পিছ পৰা পৰিয়ালৰ স্নাতক ছোৱালী।আৰ্থিক ভাৱে পিছ পৰা বাবে ছোৱালী জনী সামাজিকভাৱে বিবাহ কাৰ্য্য দিব নোৱাৰি মাক দেউতাকে অন্য উপায়েৰে বিবাহ সমাপনৰ চিন্তা চৰ্চা কৰাৰ সময়তে লাচিত নগৰবাসী আগবাঢ়ি আহিল গাঁওৰ ছোৱালীজনী সকলোৱে মিলি জুলি বিবাহ দিবৰ বাবে।
কোনোৱে চাউল, কোনোৱে দালি আন কোনোৱে ভোজ-ভাত থান কেইখন আগবঢ়ায় ৰাজহুৱা মন্দিৰ প্ৰাঙ্গনত পেণ্ডল তৈয়াৰ কৰি সামাজিকভাৱে বিবাহ পাতি দিলে ডিম্পল আৰু সঞ্জীৱৰ। গাওঁ বাসীয়ে যাত-যাত বিয়া নাম গাই, হিয়া উজাৰি আৰ্শীবাদ দিলে ন-কইনা দৰাক।
Also Read: নাবাৰ্ডৰ উদ্যোগত জাৰিমিন বোৱাকটা সমবায় সমিতি লিমিটেডৰ বিপণী উদ্বোধন