/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/490bd72c-4161-475c-a4d5-b5341be8ad4c/1.jpg)
ডিজিটেল সংবাদ, শিলচৰঃ বৃহস্পতিবাৰৰ পৰা দুদিন ব্যাপি আৰম্ভ হৈছে সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ আন্দোলন । ইয়াৰ ফলত ৰাজ্যজুৰি অচল হৈ পৰিছে জিলা আয়ুক্তৰ কাৰ্যলয়ৰ কামকাজ । কৰ্মচাৰী সকলৰ 'গ্ৰেড পে' প্ৰদান কৰা, পৰ্যবেক্ষক সহায়কৰ পদোন্নতিত দৰমহা বৃদ্ধি কৰা, মুখ্য সহায়কৰ পদ সৃষ্টি কৰা, NPS বাতিল কৰি OPS পুনৰ প্ৰৱৰ্তন কৰা আদি কেবাটাও দাবী আদায়ৰ সমৰ্থনত ৰাজ্যৰ প্ৰতিখন জিলা আৰু মহকুমাতে কৰ্মচাৰী সকলে পালন কৰিছে সৰ্বাত্মক অসহযোগ কাৰ্যসূচী।
সমগ্ৰ ৰাজ্যৰ লগতে বৃহস্পতিবাৰে শিলচৰতো পালন কৰা হয় এই সৰ্বাত্মক অসহযোগ কাৰ্যসুচী। জিলা আয়ুক্তৰ কাৰ্যলয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰি কৰ্মচাৰী সকলে তেওঁলোকৰ দাবী আদায়ৰ সমৰ্থনত বিভিন্ন শ্লোগান দিয়ে। কৰ্মচাৰীসকলৰ এই আন্দোলনৰ ফলত সম্পূৰ্ণ অচল হৈ পৰে জিলা আয়ুক্তৰ সকলো বিভাগৰ কাম-কাজ।
সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশমৰ্মে ৮ আৰু ৯ ফেব্ৰুৱাৰীত ৰাজ্য জুৰি এই সৰ্বাত্মক অসহযোগ আন্দোলন আৰম্ভ হোৱা বুলি সদৰি কৰি কৰ্মচাৰী সকলে কয় যে দাবী মানি নোলোৱা পৰ্যন্ত তেওঁলোকৰ আন্দোলন ধাপে ধাপে চলি থাকিব।
Also Read: কামপুৰত ভূমিকেন্দ্ৰিক তীব্ৰ বাকযুদ্ধ