কামপুৰত ভূমিকেন্দ্ৰিক তীব্ৰ বাকযুদ্ধ

জানিব পৰা মতে, কামপুৰ বুঢ়াপটিয়া গাঁৱৰ সীমা শইকীয়া নামৰ মহিলা গৰাকীৰ খালি হৈ থকা মাটি খিনি কাষৰীয়া হজৰত আলী নামৰ লোকজনৰ অনুৰোধমৰ্মে তেওঁক অস্থায়ীভাৱে ঘৰ সাজি থাকিবলৈ দিয়া হৈছিল আৰু সীমা শইকীয়াৰ প্ৰয়োজন সাপেক্ষে ঘৰটো ভাঙি দিয়া হ'ব বুলি হজৰত আলীয়ে কথা দিছিল ।

author-image
Asomiya Pratidin
New Update
কামপুৰত ভূমিকেন্দ্ৰিক তীব্ৰ বাকযুদ্ধ

ডিজিটেল সংবাদ, কামপুৰঃ কামপুৰত এডোখৰ ভূমিক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে দুটা পক্ষৰ মাজত সৃষ্টি হয় তীব্ৰ বাক-বিতণ্ডাৰ । জানিব পৰা মতে, কামপুৰ বুঢ়াপটিয়া গাঁৱৰ সীমা শইকীয়া নামৰ মহিলা গৰাকীৰ খালি হৈ থকা মাটি খিনি কাষৰীয়া হজৰত আলী নামৰ লোকজনৰ অনুৰোধমৰ্মে তেওঁক অস্থায়ীভাৱে ঘৰ সাজি থাকিবলৈ দিয়া হৈছিল আৰু সীমা শইকীয়াৰ প্ৰয়োজন সাপেক্ষে ঘৰটো ভাঙি দিয়া হ'ব বুলি হজৰত আলীয়ে কথা দিছিল ।

Advertisment

সীমা শইকীয়াই মাটিখিনি বিক্ৰী কৰিবৰ বাবে হজৰত আলীক ঘৰটো ভাঙি নিবলৈ বাৰম্বাৰ কৈ অহাৰ পিছতো ঘৰটো ভাঙি নিনিয়াত বৃহস্পতিবাৰে তেওঁ গাঁৱৰ লোকক লগত লৈ নিজে ঘৰটো ভাঙিবলৈ আহি উপস্থিত হয় । সীমা শইকীয়াৰ নিজা মাটিত থকা হজৰত আলীৰ অস্থায়ী ঘৰটো ভাঙি পেলোৱাক কেন্দ্ৰ কৰি দুয়ো পক্ষৰ মাজত তীব্ৰ বাকযুদ্ধৰ সৃষ্টি হয় । ইফালে হজৰত আলীয়ে পেট্ৰল ঢালি ঘৰটো জ্বলাই দিয়াৰ চেষ্টা কৰে । পাছত ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

Also Read: ইণ্ডিয়াত আউলঃ আপে দিল্লীত ঘোষণা কৰিলে ডিব্ৰুগড়, তেজপুৰ আৰু গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম...

nagaon kampur