মায়ঙৰ গাগলমাৰীত ভাংসহ এজনক আটক

উত্থাপিত অভিযোগমতে, দীৰ্ঘদিন ধৰি ভাঙৰ ব্যৱসায় কৰি আহিছে ধৃত ইৰাজে।

author-image
Asomiya Pratidin
New Update
মায়ঙৰ গাগলমাৰীত ভাংসহ এজনক আটক

ডিজিটেল সংবাদ,মায়ং : মায়ঙৰ গাগলমাৰীত ব্ৰহ্মপুত্ৰৰ পাৰত জব্দ কৰা হৈছে এক বস্তা ভাং। গাওঁৰক্ষী বাহিনীয়ে ভাং জব্দ কৰাৰ লগতে আটক কৰিছে এজন লোকক। ধৃত লোকজনৰ নাম ইৰাজ আলী।

Advertisment

ধৃত ইৰাজৰ ঘৰ মায়ং থানাৰ অন্তৰ্গত মেৰৰহাবীত বুলি জানিব পৰা গৈছে। উল্লেখ্য যে দৰঙৰ পৰা ব্ৰহ্মপুত্ৰ পাৰ হৈ আনিছিল ভাংখিনি। গাঁওৰক্ষী বাহিনীৰ আব্দুল্লা আৰু বাহাৰুল ইছলামে আটক কৰে লোকজনক।

ইতিমধ্যে ঘটনা সন্দৰ্ভত খবৰ লাভ কৰি আৰক্ষীৰ দল ৰাওনা হৈছে গাগলমাৰী লৈ। উত্থাপিত অভিযোগমতে, দীৰ্ঘদিন ধৰি ভাঙৰ ব্যৱসায় কৰি আহিছে ধৃত ইৰাজে।

Also Read: গধাৰবৰিত বন্যহস্তীৰ আক্রমণত নিহত এজন

MAYANG Assam police