হাগ্ৰামাৰ উপস্থিতিত BPF ৰ দলীয় যোগদান সভাঃ শাসনলৈ আহিলে ফেৰেঙ্গাক উচ্ছেদৰ ভাবুকি...

হাগ্ৰামাৰ উপস্থিতিত BPF ৰ দলীয় যোগদান সভাঃ শাসনলৈ আহিলে ফেৰেঙ্গাক উচ্ছেদৰ ভাবুকি...
হাগ্ৰামাৰ উপস্থিতিত BPF ৰ দলীয় যোগদান সভাঃ শাসনলৈ আহিলে ফেৰেঙ্গাক উচ্ছেদৰ ভাবুকি...

ডিজিটেল সংবাদ চিৰাং: ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ মাজত কেইবাটাও মাহ আছে যদিও তাৰ আগতেই বেদখলকাৰীক উচ্ছেদ অভিযানক লৈ বিটিচিৰ ৰাজনীতিত বোকা ছটিওৱাৰ খেল আৰম্ভ হৈছে । বি টি আৰত উচ্ছেদ অভিযান লৈ চিৰাঙৰ এখন দলীয় সভাত বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে কয় যে, বিটিচিৰ কাৰ্য্যবাহী সদস্য ফেৰেঙ্গা নিজেই বিটিচিৰ স্থায়ী বাসিন্দা নহয় তেওঁ কেনেকৈ বিটিচিৰ লোকক উচ্ছেদ কৰিব ?

বৰঞ্চ বিপিএফ দল শাসনত আহিলে প্ৰথমতে বিটিচিৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী ওৰফে ফেৰেঙ্গাক উচ্ছেদৰ জাননী প্ৰেৰণ কৰি তেখেতকে বিটিচিৰ পৰা উচ্ছেদ কৰা হ'ব। আজি চিৰাং জিলাৰ চিৰাং দুৱাৰ আৰু চিৰাং ব্লক বিপিএফৰ উদ্যোগত ২ নং দোনাবাৰী গাঁৱত আয়োজিত দলীয় যোগদান সভাত অংশগ্ৰহণ কৰি প্ৰাক্তন বিটিচি প্ৰধান তথা বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ কেইবাটাও বিষ্ফোৰক মন্তব্য কৰে।

তেখেতে কয় যে, বিটিচি চুক্তি অনুসৰি ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীৰ পিছত অহা জনজাতি বা অজনজাতি কোনো লোকেই বিটিচিৰ স্থায়ী বাসিন্দা বা ভোটাধিকাৰ লাভ কৰিব নোৱাৰিব তেনেক্ষেত্ৰত বিটিচিৰ ই এম ফেৰেঙ্গা ওৰফে ৰঞ্জিত বসুমতাৰী নিজেই বিটিচিত আহিছে ২০০৮ চনত। প্ৰমোদ বড়োৱে ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীৰ আগৰে পৰা বিটিচিত বসবাস কৰা লোকসকলক কিহৰ ভিত্তিত উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে?

প্ৰকৃতাৰ্থত যদি উচ্ছেদ জাননী প্ৰেৰণ কৰিব লাগে তেনেহলে প্ৰমোদ বড়োৱে ফেৰেঙ্গাক উচ্ছেদৰ জাননী প্ৰেৰণ কৰক। কিন্ত প্ৰমোদ বড়োৱ এই কাম কৰিব নোৱাৰিব। এইবাৰ বিপিএফ দল শাসনত আহিলে প্ৰথমতে ফেৰেঙ্গাক অবৈধ প্ৰৱেশকাৰী হিচাপে উচ্ছেদৰ জাননী প্ৰেৰণ কৰি বিটিচিৰ পৰা খেদি পঠিওৱা হ'ব বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে ।

আজিৰ এই দলীয় যোগদান সভাত হাগ্ৰামা মহিলাৰীয়ে আকৌ ঘোষণা কৰে যে, বিপিএফ দলে কোনো ৰাজনৈতিক দলৰ সৈতে মিত্ৰতা নকৰাকৈ আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিপিএফ দল অকলে অৱতীৰ্ণ হ'ব। প্ৰমোদ বড়োৱে বিটিচি শাসনৰ নামত যি কাৰ্য্যকলাপ আৰম্ভ কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি একমাত্ৰ বিটিচিক ৰক্ষা কৰিবলৈ আগন্তুক লোকসভা নিৰ্বাচনত বিপিএফ দলৰ প্ৰাৰ্থীক বিজয়ী কৰিবই লাগিব।

অন্যথা প্ৰমোদ বড়োৱে বিটিচি ধ্বংস কৰি পেলাব বুলি মন্তব্য কৰে কৰে। বিপিএফ দলে জন্ম লগ্নৰে পৰা বিটিচি অঞ্চলত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীৰ লোকসকলক লৈ কাম কৰি আহিছে কিন্তু এসময়ৰ এবছুৰ সভাপতি তথা বৰ্তমানৰ বিটিচিৰ মুখ্য প্ৰমোদ বড়োৱে কেৱল বড়োসকলৰ উন্নয়নৰ কথা কৈ কাম কৰি আছে বুলি কৈ ফুৰে কিন্তু বাস্তৱ ক্ষেত্ৰত সেইটোও কৰি পৰা নাই বুলি হাগ্ৰামা মহিলাৰীয়ে তেখেতৰ স্বভাৱ সুলভ ভঙ্গিমাৰে কটাক্ষ কৰে।

সভাৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ নামত ভূমি ক্ৰয় কৰা সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্ন কৰাত হাগ্ৰামা মহিলাৰীয়ে উক্ত প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা ফালৰি কাটি বিটিচি সন্দৰ্ভত যিকোনো প্ৰশ্ন কৰিবলৈ আহ্বান জনায়। একমাত্ৰ দৰিদ্ৰতাৰ কাৰণে চিৰাঙৰ এহাল দম্পতীয়ে নিজৰ সন্তানক বিক্ৰী কৰা ঘটনাক তীব্ৰ নিন্দা কৰে ।

প্ৰমোদ বড়োৱে সাধাৰণ লোকৰ বাবে উন্নয়নমূলক কামকাজ কৰিব পৰা নাই কাৰণে এনেধৰনৰ ঘটনা হ'বলৈ পালে বুলি মন্তব্য কৰে। আজিৰ দলীয় সভাত বিপিএফ দলৰ উপ-সভাপতি খাম্ফা বৰগয়াৰীয়ে ভাষণত কয় যে, প্ৰমোদ বড়োৱে বিটিচি নিৰ্বাচনৰ সময়ত যি ধৰনৰ পৰিবৰ্তনৰ শ্লোগান দিছে আৰু কাৰ্য্যক্ষেত্ৰত বিটিচিৰ শাসনৰ নামত যিধৰণে উন্নয়নমূলক কামকাজ কৰি আছে সেয়া এতিয়া জনসাধাৰণে বুজি উঠিছে ।

বিটিচিত এতিয়া উন্নয়নৰ শিতানত আবন্টিত ধনেৰে এটাৰ পিছত এটা খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি চমক দিয়াৰ চেষ্টা কৰি আছে। যাৰ ফলত ৰাইজ উপকৃত হ'ব পৰাকৈ প্ৰকৃত উন্নয়নৰ কাম কৰিব পৰা নাই । যাৰ বাবে এতিয়া বিটিচি অঞ্চলৰ ৰাইজে প্ৰমোদ বড়োৰ শাসন ব্যৱস্থা তথা ইউপিপিএল দলৰ প্ৰতি মোহভঙ্গ হৈ দলে দলে ৰাইজে হাগ্ৰামা মহিলাৰীকে বিটিচিত বিচাৰি আছে বুলি দাবী কৰে ।

ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই বিপিএফ দলৰ সাংগঠনিক ভেঁটি অধিক শক্তিশালী কৰিবলৈ বিটিচিৰ জিলাই জিলাই ব্লক পৰ্যায়ত ধাৰাবাহিক ভাবে দলীয় যোগদান কাৰ্য্যসূচী চলাই থকা হৈছে । আজি ২ নং দোনাবাৰীত আয়োজিত দলীয় যোগদান সভাত চিৰাং দুৱাৰ আৰু চিৰাং ব্লক এলেকাৰ ৯ শতাধিক লোকে ইউপিপিএল, বিজেপি আৰু জিএচপি দল ত্যাগ কৰি আনুষ্ঠানিক ভাৱে বিপিএফ দলত যোগদান কৰে ।

নতুনকৈ বিপিএফ দলত যোগদান কৰা লোকসকলক হাগ্ৰামা মহিলাৰী, খাম্ফা বৰগয়াৰী, দেৰহাছাৎ বসুমতাৰীসহ অন্যান্য নেতাসকলে ফুলাম গামোছা আৰু দলীয় প্ৰতীক চিহ্ন থকা বস্ত্ৰৰে আদৰণি জনায়। আজিৰ বিপিএফৰ এই দলীয় যোগদান সভাত বিটিচিৰ বিৰোধী দলৰ নেতা তথা পাৰিষদ দেৰহাসাৎ বসুমতাৰী, পাৰিষদ পানীৰাম ব্ৰহ্ম, বিপিএফৰ চিৰাং জিলা সভাপতি তথা পাৰিষদ জেমচ বসুমতাৰী, কেন্দ্ৰীয় উপ-সভাপতি শুদ্ধ বসুমতাৰী, সাধাৰণ সম্পাদক ৰাজু মুছাহাৰীসহ দলৰ বিভিন্ন কোষৰ নেতা কৰ্মীসকল উপস্থিত আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in