তিতাবৰৰ তেলেই কছাৰী প্ৰাথমিক বিদ্যালয়ত সামাজিক উৎসৱ উদযাপন

ছাত্ৰ-ছাত্ৰী, অভিভাৱকৰ গীত-নৃত্য, কবিতাৰ বৰ্ণাঢ্য অনুষ্ঠান সম্পন্ন, ১৬ গৰাকী বয়োজ্যেষ্ঠ ব্যক্তিক সম্বৰ্ধনা
তিতাবৰৰ তেলেই কছাৰী প্ৰাথমিক বিদ্যালয়ত সামাজিক উৎসৱ উদযাপন

ডিজিটেল সংবাদ, তিতাবৰ : তিতাবৰ শিক্ষাখণ্ডৰ অন্তৰ্গত বৰপাচি গাঁৱৰ তেলেই কছাৰী প্ৰাথমিক বিদ্যালয়ৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় সামাজিক উৎসৱ। পুৱা সামূহিক চাফাই কাৰ্যসূচীৰে আৰম্ভ হোৱা অনুষ্ঠানটোত গছপুলিৰোপণ কৰে ৱাৰ্ড সদস্যা কল্পনা বৰুৱাই।

পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি ৰাজেশ গগৈয়ে। পুৱা এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়। ৬১ নং কৰতিপাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সীমান্ত শৰ্মাই উদ্বোধন কৰা আকৰ্ষণীয় শোভাযাত্ৰাত গায়ন-বায়নৰ লগতে বিভিন্ন কৃষ্টি-সংস্কৃতি প্ৰদৰ্শিত হয়।

অনুষ্ঠানত প্ৰদৰ্শনীৰ দ্বাৰ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক ভক্ত দাসে। ইয়াৰ পিছতে অনুষ্ঠিত এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধন কৰে মাধপুৰ শৈক্ষিক মণ্ডলৰ সমন্বয়ক প্ৰাণজিত বৰকাকতীয়ে। তেওঁ উদ্বোধনী ভাষণত তেলেই কছাৰী প্ৰাথমিক বিদ্যালয়ৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী, পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজৰ প্ৰচেষ্টাক শলাগ লয়।

তেলেই কছাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দেৱানন্দ গগৈ আৰু সাংস্কৃতিক কৰ্মী লখী শৰ্মাই আঁত ধৰা অনুষ্ঠানত বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে গীত-নৃত্য, কবিতা আদি পৰিবেশন কৰে। ফালেঙীচুক প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও সাংস্কৃতিক অনুষ্ঠান অংশ লয়। গাঁৱৰ অভিভাৱকসকলেও দিহানাম, বিয়ানাম আদি পৰিৱেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে।

অনুষ্ঠানৰ মাজতে বৰপাচি গাঁৱৰ ৬০ ঊৰ্ধৰ ১৬ গৰাকীকৈ ব্যক্তিক চেলেং,সাঁচি পুলি আদিৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত প্ৰাক্তন পঞ্চায়ত সভাপতি পোনা বৰা, আঞ্চলিক সদস্য তপন শইকীয়াৰ লগতে স্থানীয় কেইবাগৰাকী গণ্যমান্য ব্যক্তি আৰু বন্ধু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থাকে।

সামাজিক উৎসৱৰ প্ৰতিটো কাৰ্যসূচীত সক্ৰিয়ভাৱে জড়িত থাকি অনুষ্ঠানটো সফলভাৱে ৰূপায়ন কৰাত সহায়-সহযোগিতা আগবঢ়োৱা সকলোলৈ তেলেই কছাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দেৱানন্দ গগৈয়ে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে।

তিতাবৰৰ তেলেই কছাৰী প্ৰাথমিক বিদ্যালয়ত সামাজিক উৎসৱ উদযাপন
অইল ইণ্ডিয়া লিমিটেডৰ আবাসিক অঞ্চলত মৃতদেহ উদ্ধাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in