শিলচৰৰ NITত নিশা উত্তপ্ত পৰিস্থিতিঃ শিক্ষাৰ্থীৰ প্ৰহাৰত আহত আৰক্ষী

শিলচৰৰ NITত নিশা উত্তপ্ত পৰিস্থিতিঃ শিক্ষাৰ্থীৰ প্ৰহাৰত আহত আৰক্ষী

ডিজিটেল ডেস্কঃ শুকুৰবাৰে নিশা শিলচৰৰ ইনষ্টিটিউট অৱ টেকন'লজী (এনআইটি)ৰ চৌহদত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ইলেক্ট্ৰিক বিভাগৰ এজন ছাত্ৰৰ আত্মহত্যাৰ ঘটনাক কেন্দ্ৰ কৰি হোৱা এই উত্তপ্ত পৰিস্থিতিত ছাত্ৰ-ছাত্ৰীৰে হতাহতি হয় আৰক্ষীৰ। যাৰ পৰিপ্ৰেক্ষিতত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠী চাৰ্জ কৰিব লগা হয়।

এই ঘটনাত কেইবাজনো শিক্ষাৰ্থীৰ লগতে আৰক্ষীও আহত হোৱা বুলি জানিব পৰা গৈছে। উত্তেজিত ছাত্ৰ-ছাত্ৰীয়ে আৰক্ষীকৰ্মীৰ ওপৰত শিলগুটি নিক্ষেপ কৰাৰ সমান্তৰালভাবে প্ৰতিষ্ঠানখনৰ একাডেমিক ডিন বি কে ৰয়ৰ ব্যক্তিগত বাহনকে ধৰি চৰকাৰী কোৱাৰ্টাৰ আৰু চৰকাৰী বাহন ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰে।

উল্লেখ্য যে প্ৰতিষ্ঠানখনৰ ইলেকট্ৰিক বিভাগৰ কোচ বোকাৰ নামৰ এজন ছাত্ৰই বৃহস্পতিবাৰ নিশা আত্মহত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ। ঘটনা অনুসৰি তৃতীয় ষান্মাষিকৰ উক্ত ছাত্ৰজনৰ প্ৰথম ষান্মাষিকত কেইবাটাও বিষয়ত বেকলগ থকাৰ বাবে ছাত্ৰজনক তৃতীয় ষান্মাষিকত পঞ্জীয়ন কৰিবলৈ অনুমতি প্ৰদান কৰা নাছিল প্ৰতিষ্ঠান কৰ্তৃপক্ষই।

যাৰ বাবে ছাত্ৰজনে এই সন্দৰ্ভত এনআইটিৰ একাডেমিক ডিন বিকে ৰয়ক সাক্ষাৎ কৰি পঞ্জীয়ন কৰাৰ অনুমতি বিচাৰিছিল। ডিনগৰাকীয়ে এই সন্দৰ্ভত গুৰুত্ব নিদিয়াৰ অভিযোগ শিক্ষাৰ্থীসকলৰ। ডিনগৰাকীয়ে পঞ্জীয়নৰ বাবে অনুমতি নিদিয়াৰ পৰিপ্ৰেক্ষিততেই কোচ বোকাৰে আত্মহত্যা কৰে বুলি অভিযোগ তুলি ছাত্ৰজনৰ মৃত্যুত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ছাত্ৰ-ছাত্ৰীসকলে।

ঘটনাই এই পৰ্যায় পাইগৈ যে আৰক্ষীয়ে লাঠী চালনা কৰিবলৈ বাধ্য হয়। প্ৰতিষ্ঠানখনৰ প্ৰায় ২ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে প্ৰশাসনিক ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে জিলা আয়ুক্ত তথা আৰক্ষী অধীক্ষক উপস্থিত হয়। ঘটনাত জিলা আয়ুক্ত ৰোহন কুমাৰ ঝা আৰু আৰক্ষী অধীক্ষক নুমল মহতাৰ লগতে আৰক্ষী আৰু চিআৰপিএফ বাহিনীৰ সৈতে শিক্ষাৰ্থীৰ হতাহতি পৰ্যন্ত হয়। হতাহতিত ছাত্ৰ-ছাত্ৰীৰ সমান্তৰালভাবে আৰক্ষীও আহত হোৱাৰ খবৰ আহি পৰিছে।

কাছাৰ জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাই সংবাদিকৰ আগত প্ৰকাশ কৰা অনুসৰি, সন্ধিয়া প্ৰায় ৬.৩০ বজাত এন আই টি চৌহদত সংঘটিত হোৱা দুৰ্ভাগ্যজনক আত্মহত্যাৰ ঘটনাৰ বিষয়ে জানিব পাৰি দণ্ডাধীশ আৰু আৰক্ষীকৰ্মী ঘটনাস্থলীত উপস্থিত হয়। পৰৱৰ্তী সময়ত কাছাৰৰ আৰক্ষী অধীক্ষক নুমল মাহাতাইও প্ৰতিষ্ঠানখনৰ চৌহদত উপস্থিত হৈ ঘটনাৰ বুজ লয়।

পিছে এই ঘটনাক কেন্দ্ৰ কৰি শিক্ষাৰ্থীসকলে প্ৰায় ৪খন গাড়ী ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰাৰ লগতে উত্তেজিত পৰিৱেশৰ সৃষ্টি কৰে। ঘটনাক দুৰ্ভাগ্যজনক আৰু লজ্জাজনক আখ্যা দি আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে, প্ৰায় দুইৰ পৰা তিনি ঘণ্টা ধৰি মীমাংসা কৰিবলৈ চেষ্টা কৰাৰ পিছত বিফল হোৱাত লাঠী চলনা কৰিবলৈ বাধ্য হয় আৰক্ষী। শিক্ষাৰ্থীয়ে আৰক্ষীক আক্ৰমণ কৰাৰ বাবেহে এই ঘটনা সংঘটিত হয় বুলি তেওঁ মন্তব্য কৰে ।

শিলচৰৰ NITত নিশা উত্তপ্ত পৰিস্থিতিঃ শিক্ষাৰ্থীৰ প্ৰহাৰত আহত আৰক্ষী
জ্যেষ্ঠ নেতা আজম খানৰ বাসগৃহত আয়কৰ বিভাগৰ ৭২ ঘণ্টীয়া অভিযান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in