গৰু চোৰক গ্ৰেপ্তাৰ কৰিবলৈ গৈ গুৰুতৰভাৱে আহত মহিলা কনিষ্টবল সহ উপ পৰিদৰ্শক...

গৰু চোৰক গ্ৰেপ্তাৰ কৰিবলৈ গৈ গুৰুতৰভাৱে আহত মহিলা কনিষ্টবল সহ উপ পৰিদৰ্শক...

author-image
Asomiya Pratidin
New Update
গৰু চোৰক গ্ৰেপ্তাৰ কৰিবলৈ গৈ গুৰুতৰভাৱে আহত মহিলা কনিষ্টবল সহ উপ পৰিদৰ্শক...

ডিজিটেল সংবাদ, শিলচৰঃ কাছাৰৰ কাটিগৰা এলেকাত সন্ত্ৰাস সৃষ্টি কৰা কুখ্যাত গৰু-ম’হ চোৰ পাখি মিঞা ওৰফে আব্দুল ৱাহিদ বৰভূঞাক গ্ৰেপ্তাৰ কৰিবলৈ গৈ আক্ৰমণৰ বলি হৈছে এগৰাকী মহিলা কনিষ্টবল সহ আৰক্ষীৰ এগৰাকী উপ পৰিদৰ্শক। গুৰুতৰ আহত গুমৰা আৰক্ষী চকীৰ উপ পৰিদৰ্শক চন্দন পাটোৱাৰীক সংকটজনক অৱস্থাত শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভৰ্তি কৰা হৈছে।‌ আনহাতে, মহিলা কনিষ্টবল কৰবী দাসক স্থানীয় হাস্পাতালত ভৰ্তি কৰা হৈছে।

Advertisment

এই ঘটনা সংঘটিত হৈছে মঙলবাৰে পুৱা ৫বজাত কাটিগৰা ভাৰত বাংলাদেশ সীমান্তৰ নাথানপুৰ গাঁৱত। গুমৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পঞ্চপল্লব বৰা, উপ পৰিদৰ্শক চন্দন পাটোৱাৰী, মহিলা কনিষ্টবল কৰবী দাস,বেটেলিয়ন সহ আৰক্ষীৰ দল এটা কুখ্যাত গৰু চোৰ পাখি মিয়াক গ্ৰেপ্তাৰ কৰিবলৈ চোৰজনৰ ঘৰত উপস্থিত হয়।

আৰক্ষীৰ দলটো উপস্থিত হোৱাক পিছতে পাখি মিয়াৰ পত্নী, জীয়েক আৰু পৰিয়ালৰ অন্যান্য সদস্যসকলে হাতত চোকা অস্ত্ৰ লাঠি, ৰড লৈ দলটোক আক্ৰমণ কৰে। আৰক্ষীয়ে নিজকে ৰক্ষা কৰিবলৈ চেষ্টা কৰাৰ সময়তে পাখি মিঞাৰ পত্নী আবিদা বেগম লস্কৰে মহিলা কনিষ্টবল কৰবী দাসক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে।

কৰবী দাসক বচাবলৈ এছ আই চন্দন পাটোৱাৰী আগবাঢ়ি অহাত মহিলাগৰাকীয়ে চন্দন পাটোৱাৰীৰ মূৰটোআক্ৰমণ কৰে। এই ঘটনাত আৰক্ষী বিষয়াজনৰ মূৰৰ পিছফালে গুৰুতৰ আঘাট লাগে। এই ঘটনাৰ পিছত আৰক্ষীয়ে পলাবলৈ চেষ্টা কৰা গৰু চোৰ পাখি মিঞাক কৌশলেৰে আটক কৰে। পাখি মিয়াৰ লগতে পৰিয়ালৰ অন্যান্য সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। পাখি মিয়াৰ পত্নী আবিদা বেগম লস্কৰ, জীয়ৰী কুলছমা বেগম আৰু পুত্ৰ ৰোহিত আহমদ বৰভূয়াক আৰক্ষীয়ে আটক কৰে। এই ঘটনাৰ পিছতেই সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনা সৃষ্টি হৈছে।

Also Read: ১০০% উত্তীৰ্ণৰে উজ্বলিল গোগামুখৰ জ্ঞান জ্যোতি চিনিয়ৰ চেকেণ্ডাৰী স্কুল

Silchar