/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/431b9008-0452-4b10-83cc-e82b85214a58/3.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ গোগামুখৰ জ্ঞান জ্যোতি চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়খন পুনৰ কৃতিত্বৰ আলোকেৰে উজলি উঠিল। মেধাত্ব আৰু কৃতিত্বৰ গৰিমাৰ বিজয় ধ্বজা উৰুৱাই পুনৰ ১০০শতাংশ উত্তীৰ্ণৰ গৌৰবেৰে গৌৰবান্বিত হল শিক্ষানুষ্ঠানখন।
সদ্য ঘোষিত চি বি এচ চিৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল অনুসৰি জ্ঞান জ্যোতি চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়ে ১০০শতাংশ উত্তীৰ্ণৰে গৌৰৱ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হয়। গোগামুখ সদৰৰ অগ্ৰণী শিক্ষানুষ্ঠানখনৰ পৰা দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত মুঠ ৫৯গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হৈ সুখ্যাতিৰে উত্তীৰ্ণ হয়। ইয়াৰে বিজ্ঞান শাখাত ৪৬গৰাকী ছাত্ৰ-ছাত্ৰী আৰু কলা শাখাত ১৩জন ছাত্ৰ-ছাত্ৰীযে সন্তোষজনক ফলাফল লাভ কৰিবলৈ সক্ষম হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/9bb015e7-2f07-440a-8bbe-e237d87e93b2/99215134-bbb6-4646-9b86-f9edbf3a33ae.jpg)
ইপিনে বিদ্যালয়খনৰ পৰা দশম শ্ৰেণীৰ পৰীক্ষাত মুঠ ৯২গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈ সুখ্যাতিৰে উত্তীৰ্ণ হবলৈ সক্ষম হৈছে। বিদ্যালয়খনৰ এনে আশাব্যঞ্জক ফলাফলত বিদ্যালয়ৰ পৰিচালন সঞ্চালক, শিক্ষক-কৰ্মচাৰী, পৰিচালনা সমিতি আৰু অভিভাৱক সমাজ উৎফুল্লিত হৈ সোমবাৰে কৃতিমান ছাত্ৰ-ছাত্ৰীসকলক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/cf130fb8-b6aa-4763-a63a-6ae216df7f58/9dde1171-58f5-4a66-ace6-5ab9923fc9d6.jpg)
বিদ্যালয়খনৰ পৰা দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত সকলোৱেই সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ বাবে বিদ্যালয় পৰিয়ালে উষ্ণ আদৰণি জনাই। পৰিচালন সঞ্চালক খেম প্ৰধানে এনে সাফল্যৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি জ্ঞান জ্যোতিৰে সগৌৰৱে আগুৱাই যোৱাত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ অতুল্য অৱদানৰ শলাগ লয় ।
Also Read: বটদ্ৰৱাত গ্ৰেপ্তাৰ IPL জুৱাৰী...