শিলচৰত‌ ট্ৰাকৰ পৰা ৬১ বস্তা বাৰ্মিজ চুপাৰী জব্দ : জিৰিঘাটতো জব্দ য়াবা টেবলেট

আৰক্ষীৰ সন্দেহ চুপাৰীখিনি মিজোৰামৰ পৰা কাছাৰৰ মাজেৰে বহিঃৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল

author-image
Asomiya Pratidin
New Update
শিলচৰত‌ ট্ৰাকৰ পৰা ৬১ বস্তা বাৰ্মিজ চুপাৰী জব্দ : জিৰিঘাটতো জব্দ য়াবা টেবলেট

ডিজিটেল সংবাদ,শিলচৰ : অবৈধ বাৰ্মিজ চুপাৰীৰ‌ বিৰুদ্ধে অভিযান চলাই শিলচৰ আৰক্ষীয়ে বুধবাৰে এখন চুপাৰী ভৰ্তি ট্ৰাক জব্দ কৰে। এ এছ ১১ বি চি ৬৮৭৩ নম্বৰৰ ট্ৰাকখনৰ পৰা ৬১ বস্তা বাৰ্মিজ চুপাৰী জব্দ কৰে বুলি জানিব পৰা গৈছে।

Advertisment

আৰক্ষীৰ চকুত ধূলি দিয়াৰ উদ্দেশ্যে কিছুমান খালী কাৰ্টুনৰ তলত লুকুৱাই অনা হৈছিল চুপাৰীৰ বস্তাসমূহ। এক সূত্ৰৰ‌মতে,কাছাৰৰ ধলাই ভাগা বাজাৰ দিশৰ পৰা শিলচৰ অভিমুখে এখন চুপাৰী ভৰ্তি ট্ৰাক অহাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে।‌ গোপন তথ্যৰ ভিত্তিত এই খবৰ পোৱাৰ পাছত নিশা ৰাংগিৰখাৰী 'টি ও পি'ৰ ভাৰপ্ৰাপ্ত বিষয়া হিমাক্ষী নাথৰ নেতৃত্বত আৰক্ষীৰ দল এটাই থানাৰ ওচৰত নাকা চেকিং বহুৱায়।

কিন্তু নাকা চেকিঙৰ খবৰ পাই চুপাৰী কঢ়িয়াই অনা ট্ৰাকৰ চালকে শিলচৰ-আইজল ৰাষ্ট্ৰীয় ঘাইপথৰ সোণাবাৰী ঘাটত ট্ৰাকখন এৰি পলায়ন কৰে। আৰক্ষীয়ে বিচাৰি বিচাৰি অৱশেষত চুপাৰী ভৰ্তি ট্ৰাকখন সোণাবাৰী ঘাটৰ পৰা জব্দ কৰি থানালৈ লৈ আহে।

উল্লেখ্য যে মুৰ্গীৰ দানাৰ খালী প্লাষ্টিকৰ বস্তাৰ ভিতৰত সৰবৰাহ কৰা হৈছিল চুপাৰীসমূহ।‌ প্ৰতিটো বস্তাত ৩৪ কেজিকৈ চুপাৰী পোৱা গৈছে বুলি সদৰি কৰিছে আৰক্ষীয়ে।‌ ৬১ টকা বস্তাৰ পৰা মুঠ ২,০৭৪ কেজি চুপাৰী জব্দ কৰিছে।

জব্দকৃত চুপাৰীখিনিৰ মুল্য কেবালাখ টকা হ'ব বুলি অনুমান কৰা হৈছে। ইফালে, আৰক্ষীক দেখি পলায়ন কৰিবলৈ সক্ষম হয় ট্ৰাকৰ চালক। আৰক্ষীৰ সন্দেহ চুপাৰীখিনি মিজোৰামৰ পৰা কাছাৰৰ মাজেৰে বহিঃৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল চুপাৰী ব্যৱসায়ীয়ে।

বৰ্তমান ৰাংগিৰখাৰী আৰক্ষী চকীত ৰখা হৈছে জব্দকৃত চুপাৰীসহ ট্ৰাকখন। এই সংক্ৰান্তত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে বুলিও জানিবলৈ দিয়ে।

কাছাৰৰ জিৰিঘাটত ৪ হাজাৰ য়াবা টেবলেটসহ দুজন মণিপুৰৰ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

মণিপুৰৰ পৰা ড্ৰাগছ বিক্ৰী কৰিবলৈ আহি কাছাৰত গ্ৰেপ্তাৰ হ'ল দুজন মণিপুৰৰ ড্ৰাগছ সৰবৰাহকাৰী। বুধবাৰে অসম ৰাইফলছ আৰু জিৰিঘাট আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ হয় মণিপুৰৰ ড্ৰাগছ সৰবৰাহকাৰী দুজন। তেওঁলোকৰ পৰা ৪হাজাৰ নিচাজাতীয় য়াবা টেবলেট জব্দ কৰা হয়।

গোপন তথ্যৰ ভিত্তিত জিৰিঘাটৰ ২৮ অসম ৰাইফলছৰ 'সুৰবীৰ বেটেলিয়নৰ' চুবেদাৰ ‌বি বি কে চেত্ৰীৰ নেতৃত্বত জিৰিঘাট থানাৰ আৰক্ষী‌ আৰু ৰাইফলছৰ জোৱানৰ‌ দল এটাই জালিউৰাত ড্ৰাগছৰ বিৰুদ্ধে বুধবাৰে এক অভিযান চলাইছিল। আটক কৰা সৰবৰাহকাৰী দুজন হৈছে- ধৃত ৰামবিচিন (৫০) আৰু গুইহোমাং কামেই (৪৯)। দুয়োগৰাকী মণিপুৰ তামেংলং জিলাৰ বাসিন্দা।

জব্দকৃত টেবলেটখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য ৬৫ লাখ টকা বুলি জানিবলৈ দিয়ে অসম ৰাইফলছে। বৰ্তমান ধৃত লোক দুজনক জিৰিঘাট থানাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

Also Read: চিচিবৰগাঁৱত উপ-জিলাৰ মুখ্য কাৰ্যালয় স্থাপনৰ দাবীত ১২ দিন ধৰি চলি আছে ধৰ্মঘট

Cachar Police silchar police Assam police