চিচিবৰগাঁৱত উপ-জিলাৰ মুখ্য কাৰ্যালয় স্থাপনৰ দাবীত ১২ দিন ধৰি চলি আছে ধৰ্মঘট

বিগত ১২ দিন ধৰি হৈ থকা এই প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰতি সামান্যতমো সঁহাৰি নাই ধেমাজিৰ জিলা আয়ুক্তৰ, এই সমগ্ৰ কাণ্ডৰ চক্ৰান্তকাৰী সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুবন পেগুক ক্ষুৰধাৰ সমালোচনা
চিচিবৰগাঁৱত উপ-জিলাৰ মুখ্য কাৰ্যালয় স্থাপনৰ দাবীত ১২ দিন ধৰি চলি আছে ধৰ্মঘট

ডিজিটেল সংবাদ, ধেমাজি : সদ্য ঘোষিত চিচিবৰগাঁও উপ-জিলাৰ মুখ্য কাৰ্যালয় চিচিবৰগাঁৱত স্থাপন কৰাৰ দাবীত যোৱা ৩০ ডিচেম্বৰৰ পৰা চলি থকা আছে ধৰ্মঘট। অঞ্চলটোৰ ৰাইজৰ অৱস্থান ধৰ্মঘটে বুধবাৰে দ্বাদশ দিনত ভৰি দিলে।

প্ৰতিদিনে চিচিবৰগাঁৱৰ আকাশ-বতাহ কঁপাই নিনাদিত হৈছে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুবন পেগুমুৰ্দ্দাবাদ ধ্বনি । প্ৰতিদিনেই চিচিবৰগাঁও উপ-জিলাৰ বিভিন্ন প্ৰান্তৰ ভিন্ন দল-সংগঠনে তেওঁলোকৰ দাবীৰ সমৰ্থনত মুখ্যমন্ত্ৰী আৰু জিলা আয়ুক্তলৈ প্ৰেৰণ কৰি আহিছে স্মাৰকপত্ৰ।

কিন্তু ইমানৰ পাছতো আজিলৈকে গা লৰা নাই জিলা আয়ুক্ত অংকুৰ ভৰালী অথবা সাংসদ প্ৰদান বৰুৱা -বিধায়ক ভুবন পেগুৰ। বিগত ১২ দিন ধৰি হৈ থকা এই প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰতি সামান্যতমো সঁহাৰি নাই ধেমাজিৰ জিলা আয়ুক্তৰ।

উল্লেখযোগ্য যে ইতিমধ্যে যোৱা ৩০ ডিচেম্বৰৰ পৰা বুধবাৰলৈকে চিচিবৰগাঁও উপ-জিলাৰ মুখ্য কাৰ্যালয় দাবী সমিতি,উন্নয়ন সমিতি, যুৱ ছাত্ৰ পৰিষদ, চুতীয়া জাতি সন্মিলন,চিচিবৰগাঁও ব্যৱসায়ী সন্থা,বৃহত্তৰ চিচিবৰগাঁও জ্যেষ্ঠ নাগৰিক সন্থা,চিচিবৰগাঁও মুছলিম সমাজ,জাতীয়তাবাদী যুৱ পৰিষদ,চিচিবৰগাঁও মহিলা সমিতি,আছু আদি বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজে এই অনিৰ্দিষ্টকালীন ধৰ্মঘটত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ধেমাজিৰ জিলা আয়ুক্তলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে।

সেয়েহে চৰকাৰ-প্ৰশাসনৰ এনে নিৰ্লিপ্ততাত উত্তেজিত হৈ পৰিছে প্ৰতিবাদী ৰাইজ। বুধবাৰে দিনৰ ১১-৩০ বজাৰ পৰা আবেলি ২-৫০ বজালৈ চলা এই প্ৰতিবাদী কাৰ্যসূচীত চিচিবৰগাঁও আঞ্চলিক অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সন্থা আৰু চিচিবৰগাঁও আঞ্চলিক অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতৃবৰ্গৰ লগত চিচিবৰগাঁও, ধেমাজি, মৰিধল, নিলখ, মাছখোৱা, শ্ৰীপানি, গড়মৰা আৰু চিলাপথাৰৰ বিভিন্ন অঞ্চলৰ সামাজিক আৰু সচেতন ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

বুধবাৰে প্ৰতিবাদী সভাত চিচিবৰগাঁও আঞ্চলিক অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সন্থাৰ সভাপতি ডিম্বেশ্বৰ চুতীয়া,সম্পাদক ৰূপেশ্বৰ শইকীয়া,অৱসৰী প্ৰধান শিক্ষক ক্ৰমে ঘন ভূঞা, গোবিন গগৈ,অৱসৰী প্ৰধান শিক্ষয়িত্ৰী ক্ৰমে পূণ্যেশ্বৰী শইকীয়া আৰু দীপাঞ্জলী শইকীয়া, শ্ৰীপাণিৰ অৱসৰপ্ৰাপ্ত শিক্ষক নৃপেন কুমাৰ দেউৰী,সমাজকৰ্মী ৰাজীৱ গগৈ, অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে। চিচিবৰগাঁও উপ-জিলাৰ মুখ্য কাৰ্যালয়ৰ লগতে অনান্য কাৰ্য্যালয়সমূহ চিচিবৰগাঁৱতে স্থাপন কৰিবলৈ দাবী জনায়।

লগতে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু জোনাইৰ বিধায়ক ভুবন পেগুৱে চিচিবৰগাঁৱত স্থাপন নকৰি চৰকাৰী নিৰ্দেশনাক উলঙ্ঘা কৰি অইন স্থানত নিৰ্মাণ কৰিবলৈ লোৱাটো অনিয়ম হৈছে বুলি মন্তব্য কৰে। বুধবাৰে অৱস্থানস্থলীত প্ৰতিবাদকাৰীসকলে এই সমগ্ৰ কাণ্ডৰ চক্ৰান্তকাৰী সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুবন পেগুক ক্ষুৰধাৰ সমালোচনা কৰে।

লগতে ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালীকো তেওঁৰ দুৰ্বল স্থিতি আৰু সঠিকভাৱে সিদ্ধান্ত লোৱা নাই বুলি সমালোচনা কৰে। প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত চিচিবৰগাঁও অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সন্থাৰ দ্বাৰা সভাপতি ডিম্বেশ্বৰ চুতীয়া আৰু সম্পাদক ৰূপেশ্বৰ শইকীয়াৰ স্বাক্ষৰিত স্মাৰক পত্ৰৰ লগতে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চিচিবৰগাঁও আঞ্চলিক সমিতিৰ তৰফৰ পৰা গোপাল কলিতা আৰু ভিৰাজ চুতীয়া স্বাক্ষৰিত স্মাৰকপত্ৰ মুখ্যমন্ত্ৰী ড০ শৰ্মা আৰু ধেমাজি জিলা আয়ুক্তলৈ প্ৰেৰণ কৰে।

ইমানৰ পিছতো যদি ৰাইজৰ দাবীৰ প্ৰতি চৰকাৰ-প্ৰশাসনে কোনো গুৰুত্ব প্ৰদান নকৰে, তেন্তে অনাগত দিনত আন্দোলন ভয়াৱহ হ'ব বুলি প্ৰতিবাদকাৰীসকলে সকীয়াই দিছে।

চিচিবৰগাঁৱত উপ-জিলাৰ মুখ্য কাৰ্যালয় স্থাপনৰ দাবীত ১২ দিন ধৰি চলি আছে ধৰ্মঘট
লামডিঙত অব্যাহত আছে ৰে'ল শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in