/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/54e63b30-ff5b-41f4-bfe5-072d111be7df/uu.jpg)
ডিজিটেল সংবাদ, শিলচৰঃ চুবুৰীয়া ৰাজ্য মিজোৰামত বাণ্ডিলে বাণ্ডিলে উদ্ধাৰ হৈছে ৫০০ টকীয়া নোট। গোপন তথ্যৰ ভিত্তিত অভিযান চলাই অসম ৰাইফলছ, কাষ্টম বিভাগ আৰু মিজো আৰক্ষীয়ে চাম্পাই জিলাৰ মুৰলেনৰ পৰা জব্দ কৰিছে নগদ ১ কোটি ৩ লাখ ৯৭ হাজাৰ ৫০০ টকা।
এই সংক্ৰান্তত ম্যানমাৰৰ তিনিজন নাগৰিক গ্ৰেপ্তাৰ হৈছে। ধৃত ম্যানমাৰী কেইজন লিয়ান চুম মাঙ, হাৱনংগি লাল (HAWNGNGIHLAL) আৰু লিয়ানজাটু আন।
অসম ৰাইফলছৰ এক সূত্ৰই জানিবলৈ দিয়া মতে, গোপন তথ্যৰ ভিত্তিত এখন বাহনত তালাচী চলাই জব্দ কৰা হয় এই বুজন পৰিমাণৰ ধনখিনি। ম্যানমাৰৰ নাগৰিক কেইজনৰ পৰা জব্দ কৰা হয় এই ১ কোটি ৩ লাখ ৯৭ হাজাৰ ৫০০ টকা।
কি কাৰণত আৰু ক'ৰ পৰা ধনখিনি অনা হৈছিল তাৰ সন্ধান উলিয়াবলৈ ইতিমধ্যে আৰক্ষীক গতাই দিয়া হৈছে ম্যানমাৰৰ নাগৰিক তিনিজনক।
আনহাতে অসম ৰাইফলছ আৰু চাম্পাই কাষ্টম বিভাগে বিদেশী সুৰাৰ বিৰুদ্ধে অভিযান চলাই বুজন পৰিমাণৰ বিদেশী সুৰা জব্দ কৰে। চাম্পাই জিলাৰ মুৱালকাৱী এলেকাত অভিযান চলাই জব্দ কৰা হয় ১৩৬ কাৰ্টন বিদেশী বিয়েৰ।
আন্তঃৰাষ্ট্ৰীয় বজাৰত এই বিয়েৰ খিনিৰ মুল্য প্ৰায় ৬.৫২ লাখ টকা বুলি সদৰি কৰিছে অসম ৰাইফলছে। পিছত সুৰাখিনি কাষ্টম বিভাগক গতাই দিয়া হয়। অৱশ্যে বিয়েৰ জব্দ কৰা হলেও এই সংক্ৰান্তত কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই।
Also Read: পৰিবনে অন্ত তন্ত্ৰ-মন্ত্ৰ?