কাছাৰত পিস্তল, সোণৰ বিস্কুটসহ দুই যুৱক গ্ৰেপ্তাৰ

কাছাৰত পিস্তল, সোণৰ বিস্কুটসহ দুই যুৱক গ্ৰেপ্তাৰ

ডিজিটেল ডেস্কঃ গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত কাছাৰৰ কাটিগড়াত পিস্তল, সজীৱ গুলী আৰু সোণৰ বিস্কুটসহ দুই যুৱক গ্ৰেপ্তাৰ । ধৃত  দুই যুৱক আব্দুল আজিজ ওৰফে চানু আৰু আব্দুল ওয়াহাব বুলি জানিব পৰা গৈছে।

গোপন সূত্ৰৰ ভিত্তিত কাছাৰ আৰক্ষীৰ এটা দলে কাটিগড়া চৌৰঙ্গীত অভিযান চলাই ধৃত যুৱকৰ পৰা এটা ২২ পিস্তল, তিনি ৰাউণ্ড সজীৱ গুলী, ২৫০ গ্ৰাম ওজনৰ দুটা সোণৰ বিস্কুটসহ বহু আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়। কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰত সেনে জানিবলৈ দিয়া মতে, ধৃত দুই যুৱক বহু অপৰাধমূলক কামৰ লগত জড়িত হৈ আছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

কাছাৰত পিস্তল, সোণৰ বিস্কুটসহ দুই যুৱক গ্ৰেপ্তাৰ
কোকৰাঝাৰত সাংস্কৃতিক বিনিময়ৰে নিজম পৰিল উত্তৰ-পূৰ্বাঞ্চল মহোৎসৱ ২০২৪

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in