/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/dc09ab28-7b1c-47fb-81de-91cb6ce6b135/dfdfdfdf.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ দেশৰ বাৰেৰহনীয়া কলা সংস্কৃতিৰ জগতত এক অনন্য মাত্ৰা প্ৰদানেৰে মঙলবাৰৰ পৰা কোকৰাঝাৰ চহৰৰ চান্দামাৰীৰ বডোফা সাংস্কৃতিক প্ৰকল্পত আৰম্ভ হোৱা " উত্তৰ পূৰ্ৱাঞ্চল মহোৎসৱ ২০২৪"ৰ আজি বুধবাৰে সফল সামৰণি পৰে ৷ আজি নিশা মহোৎসৱৰ সামৰণিত দেশৰ ১৩ খন ৰাজ্যৰ স্বকীয় কলা কৃষ্টি প্ৰদৰ্শণৰ এক বৰ্ণিল কাৰ্যসূচী বন্তি প্ৰজ্বলণৰে শুভাৰম্ভ কৰে বিটিচি প্ৰধান প্ৰমোদ বড়োয়ে ৷ বড়োৱে মহোৎসৱ থলীত তেওঁৰ চমু ভাষণত শান্তিৰ কোকৰাঝাৰত পোণ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা উত্তৰ পূৰ্বাঞ্চল মহোৎসৱে জাতি জনগোষ্ঠীৰ মাজত সাংস্কৃতিক বিনিময়ৰে আমাৰ মাজত ভ্ৰাতৃত্ববোধ আৰু ঐক্যক অধিক শক্তিশালী কৰি তুলিব বুলি মন্তব্য কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/ea06497b-0c9a-4ef6-a96b-6ab7edcfd6d5/4169e323_52fa_4f5f_84a2_9152005d1a98.jpg)
বড়োৱে উত্তৰ পূৰ্বোত্তোৰৰ সংস্কৃতি অতিকৈ ৰঙীণ আৰু বিশ্বৰ ভিতৰতে ঐতিহ্যময় বুলি উত্তৰ পূৰ্বাঞ্চল সাংস্কৃতিকৰ প্ৰাণকেন্দ্ৰ বুলি মন্তব্য কৰে ৷ এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ উত্তৰ পূৰ্বোত্তৰ মণ্ডলে বিটিআৰত শান্তি প্ৰতিষ্ঠা হোৱাৰ পাছতে পোন প্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চল মহোৎসৱৰ আয়োজন কৰাত গৌৰৱৰ বিষয় বুলি তেওঁ কয় ৷ অনাগত দিনত এনেকুৱা মহান সাংস্কৃতিক কাৰ্যসূচী পুনৰ উদ্যোগ লবলৈ উত্তৰ পূৰ্বাঞ্চল মণ্ডল সাংস্কৃতিক কেন্দ্ৰলৈ আহ্বান জনাই প্ৰমোদ বড়োৱে এনে মহোৎসৱৰ পদক্ষেপক শলাগ লয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/c325bc52-5075-4dfd-a87e-117bdac39070/80baf3d1_4bf7_4399_8144_0200067391ff.jpg)
আনপিনে আজি উথপথপ পৰিবেশত সামৰণি পৰা উত্তৰ পূৰ্ৱাঞ্চল মহোৎসৱৰ অনুষ্ঠানত অতিথি হিচাবে উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম। তেওঁ কয় যে উত্তৰ পূৰ্বাঞ্চল মহোৎসৱে দেশৰ জাতি -জনগোষ্ঠীৰ থলুৱা কলা সংস্কৃতিক এটা জনগোষ্ঠীয়ে আন জনগোষ্ঠীৰ মাজত পৰিচয় কৰি দিয়াই নহয় থলুৱা লোক সংস্কৃতিৰ বিনিময়ে এটা শক্তিশালী ভ্ৰাতৃত্বৰ বান্ধোন গঢ় দিয়ে ৷ সামৰণি অনুষ্ঠানত কোকৰাঝাৰৰ বিধায়ক লৰেঞ্চ ইছলাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য ক্ৰমে ৰেওৰেৱা নাৰ্জিহাৰী, দাওবৈচা বড়ো, উইলচন হাসদা , পাৰিষদ মাধৱ ছেত্ৰী, বড়ো সাহিত্য সভাৰ সভাপতি সুৰথ নাৰ্জাৰী, বিটিচিৰ সচিব দীথকানন্দ হাজৰিকা, উত্তৰ পূৱাঞ্চল সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক ড° প্ৰসন্ন গগৈ আৰু বড়ো সাংস্কৃতিক দলৰ সভাপতি - সম্পাদক উপস্থিত থাকে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/986150e4-83ea-4167-81e6-f9c78af093af/c7c16894_88b3_4810_a212_eb333617c7f5.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/66f13299-831b-4e2b-aadb-723791e8aec7/e3d86537_a80f_4776_8224_dd6af304a9b9.jpg)
উল্লেখ্য যে, উত্তৰ পূৰ্বাঞ্চল মহোৎসৱৰ আজি সামৰণিত মণিপুৰৰ লাই হাৰবা, মেঘালয়ৰ ওৱাংগালা, ত্ৰিপুৰাৰ মমিতা, নাগালেণ্ডৰ টিনেম ইৰেৰ, অৰুণাচলৰ পাকি ডাউ,মিজোৰামৰ চেৰো, ছিকিমৰ চিংহি এণ্ড ইয়াক চাম , হাৰিয়ানাৰ ফাগ, মধ্যপ্ৰদেশৰ বাধাই, উৰিষ্যাৰ সম্বলপুৰী আৰু অসমৰ বড়ো নৃত্য প্ৰদৰ্শণৰে জীপাল কৰি তোলে মহোৎসৱ থলী ৷
Also Read: অসমীয়া আৰু জনগোষ্ঠীয় মাধ্যম ভাষা বিৰোধী কেবিনেট সিদ্ধান্তৰ প্ৰতিলিপি দাহ আছুৰ