শিলচৰত বুজন পৰিমাণৰ চুৰি সামগ্ৰীসহ ১৭ টা চোৰ গ্ৰেপ্তাৰ...

শিলচৰত বুজন পৰিমাণৰ চুৰি সামগ্ৰীসহ ১৭ টা চোৰ গ্ৰেপ্তাৰ...
শিলচৰত বুজন পৰিমাণৰ চুৰি সামগ্ৰীসহ ১৭ টা চোৰ গ্ৰেপ্তাৰ...

ডিজিটেল সংবাদ শিলচৰ: শিলচৰ চহৰ আৰু আশে-পাশে থকা লোকৰ ঘৰত চুৰি কাৰ্য কৰি অহা চোৰৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে একেলগে ১৭ টাকৈ গভাইত চোৰক গ্ৰেপ্তাৰ কৰে। মঙলবাৰে নিশা ৫ টা স্থানত অভিযান চলাই শিলচৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কৰে এই ১৭ টা চোৰক।

চোৰ কেইটাৰ পৰা আৰক্ষীয়ে দুটা লেপটপ, কেবাটাও বেটাৰী , পাঁচটা স্মার্টফোন, বুজন পৰিমাণৰ বিদ্যুতৰ তাঁৰ, তামা , যথেষ্ট সংখ্যক কাঁহ পিতলৰ মূল্যবান বাচনসহ বহু চুৰি সামগ্ৰী উদ্ধাৰ কৰা হয়। দীৰ্ঘদিন ধৰি শিলচৰ চহৰ আৰু চহৰ সংলগ্ন এলেকাত ব্যাপক উপদ্রব চলাই আহিছিল চোৰে ।

স্বৰ্ণলঙ্কাৰ, নগদ ধনসহ বিভিন্ন মূল্যবান সামগ্ৰী চোৰ কৰি এক তাণ্ডৱ চলাই আহিছিল চোৰৰ দলে। চোৰৰ এনে সন্ত্ৰাসত ত্ৰাহি মধুসূদন দেখা শিলচৰবাসীয়ে আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰি সংবাদ মাধ্যমৰ ওচৰ চাপিছিল।

সমান্তৰালভাৱে চোৰক নাকি লগাবলৈ আৰক্ষী অধীক্ষক নোমাল মাহাত্বৰ ওচৰত লিখিতভাবে আবেদন জনাইছিল শিলচৰ‌ কংগ্ৰেছে। ইয়াৰ পিছতে চোৰৰ বিৰুদ্ধে মঙলবাৰে নিশা অভিযানত নামে শিলচৰ‌ আৰক্ষী।

আৰক্ষীৰ পাঁচটা দলে পৃথক পৃথকভাবে অভিযান চলাই শিলচৰৰ ৰংপুৰ, ঘুংগুৰ, ৰাংগিৰখাৰী,তাৰাপূৰ, মালুগ্ৰাম, নেছনেল হাইৱে ৰোডসহ বিভিন্ন স্হানৰ পৰা গ্ৰেপ্তাৰ কৰে এই ১৭ টা চোৰক। ধৃত চোৰ কেইটা- বেতুকান্দিৰ কামাল হুছেইন মজুমদাৰ , আনোৱাৰা হুছেইন ৰংপুৰৰ,চিনু লস্কৰ‌,কালীবাৰীৰ বিৰেন দাস,মধুৰবন্দৰ তৈবুৰ লস্কৰ, আৰু ৰফিক উদ্দিন, তাৰাপুৰৰ ৰাজু দাস, উত্তৰ কৃষ্ণপুৰৰ আলতাফ হুছেইন লস্কৰ, আতালবস্তিৰ ৰহিম উদ্দিন মজুমদাৰ। আটাইকেইজন চোৰ শিলচৰ চহৰ এলেকাৰ।

আনহাতে, ধৃত আন কেইটা চোৰৰ কাটিগৰাৰ কিচন দাস, চন্দ্ৰনাথ পুৰৰ ৰুবেল হুছেইন মজুমদাৰ, চৈয়দপুৰৰ আব্দুল জলিল লস্কৰ, হাইলাকান্দি লালাৰ আলী হুছেইন বৰভুঞা, ইটখলাৰ মান্না দে,শ্ৰীকোণাৰ গুনমনি দাস, কালাইনৰ বিশ্বজিৎ দাস আৰু তাৰাপুৰৰ দীপক দাস।

ইফালে, চোৰৰ বিৰুদ্ধে অভিযান চলাই সফলতা লাভ কৰাৰ পিছত আৰক্ষী অধীক্ষক নোমাল মাহাত্বই বুধবাৰে শিলচৰ সদৰ থানাত সংবাদ মাধ্যমৰ আগত অভিযানৰ বিশদ তথ্য দাঙি ধৰে। তেওঁ কয়- শিলচৰ তথা কাছাৰবাসীৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰা আৰক্ষীৰ কৰ্তব্য আৰু দায়িত্ব। কেবা দিন ধৰি চোৰে চহৰৰ বিভিন্ন স্হানত চুৰি কাৰ্য সংঘটিত কৰি আহিছে। ইয়াৰ পিছতে চোৰৰ এই বৃহৎ এই গেঙটোক ধৰাৰ বাবে আৰক্ষীৰ পাঁচটা দলক অভিযান চলাবলৈ দিয়া হয়।অবশেষত গ্ৰেপ্তাৰ কৰা হয় এই ১৭ জন চোৰক।

বৰ্তমান এই চোৰকেইটাক অধিক তদন্তৰ বাবে থানাত জেৰা অব্যাহত ৰখা হৈছে। ভবিষ্যতেও চোৰৰ বিৰুদ্ধে আৰক্ষীৰ এনে অভিযান অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে।

শিলচৰত বুজন পৰিমাণৰ চুৰি সামগ্ৰীসহ ১৭ টা চোৰ গ্ৰেপ্তাৰ...
যোৰাবাটৰ আঠ মাইলত নকল সোণসহ ৩ জনক গ্ৰেপ্তাৰঃ ৭৫ হাজাৰ নকল নোট জব্দ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in