কৰিমগঞ্জত তেলৰ টেংকাৰৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

কৰিমগঞ্জত তেলৰ টেংকাৰৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ
Published on
Updated on

ডিজিটেল সংবাদ, শিলচৰ: বৰাক উপত্যকাক নিৰাপদ কৰিড'ৰ হিচাপে ব্যৱহাৰ কৰি মাদক দ্ৰব্য ব্যৱসায়ীয়ে প্ৰতি দিনেই বহিঃৰাজ্যৰ পৰা সৰবৰাহ কৰি আহিছে নিচাজাতীয় সামগ্ৰী। মাৰাত্মক হেৰ'ইনৰ পৰা আদি কৰি নিচাজাতীয় টেবলেট, কফ চিৰাপ আৰু গাঞ্জা সৰবৰাহ এতিয়া চোৰাং ব্যৱসায়ীৰ বাবে সাধাৰণ কথা হৈ পৰিছে।

বিশেষকৈ, কৰিমগঞ্জ জিলাৰ ত্ৰিপুৰা ‌সীমান্তৱৰ্তী চুৰাইবৰী, কাছাৰৰ মিজোৰাম সীমান্তৱৰ্তী লাইলাপুৰ আৰু মণিপুৰ সীমান্তৱৰ্তী জিৰিঘাটৰ মাজেৰে এই নিচাজাতীয় সামগ্ৰীসমূহ ড্ৰাগছ ব্যৱসায়ীসকলে অসমলৈ আমদানি কৰে। আৰক্ষীয়ে এই ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই প্ৰতিদিনেই কোটি কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰি আহিছে ।

আৰক্ষীৰ ভয়ত ড্ৰাগছ সৰবৰাহৰ‌ ন ন কৌশল অৱলম্বন‌ কৰিবলৈ বাধ্য হৈছে ড্ৰাগছ ব্যৱসায়ীসকলে। এইবাৰ জনপ্ৰিয় হিন্দী চিনেমা‌ "পুস্পা" ৰ ষ্টাইলত গাঞ্জা সৰবৰাহ কৰি কৰিমগঞ্জ আৰক্ষীয়ৰ হাতত জব্দ হ'ল এখন গাঞ্জা ভৰ্তি তেলৰ টেংকাৰ।

চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ পৰা গাঞ্জা লৈ অহা এখন তেলৰ টেংকাৰত তালাচী চলাই চুৰাইবৰী তালাচী চকীৰ আৰক্ষীয়ে দেওবাৰে পুৱা ৭১ পেকেট গাঞ্জা জব্দ কৰে। টেংকাৰখনৰ গোপন চেম্বাৰৰ পৰা জব্দ কৰা হয় গাঞ্জাখিনি।

আৰক্ষীৰ ভাষ্য অনুসৰি জব্দকৃত গাঞ্জাৰ ওজন ১৪২০ কেজি। যাৰ মূল্য কেইবা লাখ টকা। আৰক্ষীয়ে ইতিমধ্যে টেংকাৰখনৰ চালকজনক গ্ৰেপ্তাৰ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে।

কৰিমগঞ্জত তেলৰ টেংকাৰৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ
দুভাগত বিভক্ত হোৱাৰ দিশে নতুন কমলাবাৰী সত্ৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in