দুভাগত বিভক্ত হোৱাৰ দিশে নতুন কমলাবাৰী সত্ৰ

দুভাগত বিভক্ত হোৱাৰ দিশে নতুন কমলাবাৰী সত্ৰ

বিহপুৰীয়া অঞ্চলৰ ৫০ বিঘা ভূমি সত্ৰৰ অনুমতি নোহোৱাকৈ সংখ্যালঘু সম্প্ৰদায়ক বিক্ৰী

ডিজিটেল সংবাদ,মাজুলী : সত্ৰ হৈছে আধ্যাত্মিক চেতনা সম্পন্ন এক ধৰ্মীয় অনুষ্ঠান। য'ত বাল্যৱস্থাৰ পৰাই একো একোজন বৈষ্ণৱক আধ্যাত্মিক, সাংস্কৃতিক,সামাজিক সকলো দিশৰ পৰাই পৰিপুষ্ট কৰি তুলি মানৱ সম্পদ হিচাপে গঢ়ি তোলা হয়।

অসমীয়া সমাজ জীৱনৰ বৰঘৰ স্বৰূপ সত্ৰসমূহে সত্ৰ সংস্কৃতিৰ লগতে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে মহাপুৰুষ গুৰু দুজনাৰ অনুপম সৃষ্টিৰাজিক জীয়াই ৰখাৰ লগতে বিশ্ব দৰবাৰত প্ৰচাৰ আৰু প্ৰসাৰ কৰি অসমীয়া জাতিৰ পৰিচয় দাঙি ধৰি আহিছে।

মহাপুৰুষ দুজনাৰ মহামিলনৰ 'মণিকাঞ্চন' ক্ষেত্ৰ সত্ৰ সংস্কৃতিৰ বৰঘৰ মাজুলীত থকা সৰু বৰ প্ৰায় ৬৪ খন সত্ৰৰ ভিতৰত সময়ৰ সোতত প্ৰাকৃতিক দূৰ্যোগকে ধৰি বিভিন্ন কাৰণত সত্ৰ সমূহ স্থানান্তৰিত হোৱাৰ পিছত বৰ্তমান ২৬ খন সত্ৰই অক্ষুন্ন ৰাখিছে সত্ৰীয়া গৰিমা। পুৱা সন্ধ্যা, ডবা-কাঁহ খোল-তাল শংখৰ মংগলময় ধ্বনিৰে ১৪ প্ৰসংগৰে মূখৰ হৈ পৰে প্ৰতিখন সত্ৰ।

সত্ৰাধিকাৰকে মূখ্য কৰি নামতি, ভড়ালি,বৰ-বায়ন,বায়ন,বৰ-গায়ন,গায়ন, মেধি,পাঠেক ,বৰ পুজাৰী আদি কৰি বিভিন্ন উপাধিৰে এখন সত্ৰ বছৰ-বছৰ ধৰি পৰিচালিত হৈ আহিছে। বিশেষকৈ পবিত্ৰ ভাদ মাহৰ পহিলা দিনটোৰ পৰাই সত্ৰ সমূহত দিনে নিশাই ডবা-কাঁহ খোল-তাল শংখৰ ধ্বনিৰে ১৪ প্ৰসংগত কৰাত ব্যস্ত থাকে ভকত-বৈষ্ণৱসকল।

বিশেষকৈ মহাপুৰুষীয়া সত্ৰৰ বাবে ভাদ মাহটো আতাইতকৈ গুৰুত্বপূৰ্ণ মাহ। বছৰটোৰ মাহজোৰা এক পবিত্ৰ ধৰ্মীয় উৎসৱ যেন এক উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰে থাকে।

কিন্তু এনে সময়তে মাজুলীৰ অন্যতম মহাপুৰুষীয়া সত্ৰ নতুন কমলাবাৰী সত্ৰত পবিত্ৰ ভাদ মাহৰ নিত্য নৈমিত্তিক কৰ্ম কৰাৰ বিপৰীতে সত্ৰৰ বৈষ্ণৱসকল একপ্ৰকাৰে দুভাগত বিভক্ত হৈ দুই পক্ষৰ মাজত তীব্ৰ মতবিৰোধৰ পৰিপ্ৰেক্ষিতত ভাদ মাহৰ পৰম্পৰাগত আধ্যাত্মিক কৰ্মত ব্যাপক প্ৰভাৱ পৰিছে।

সত্ৰখনত সৃষ্টি হোৱা ব্যাপক মতানৈক্যৰ মাজতেই দেওবাৰে সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক হৰিচৰণ ভূঞা বৰবায়ন আৰু সত্ৰৰ বুঢ়াভকত প্ৰভাত বৰা বুঢ়াভকত সমন্বিতে সত্ৰৰ একাংশ বৈষ্ণৱক লগত লৈ সন্ধিয়া সত্ৰ খনত এখন সংবাদমেল সম্বোধন কৰে। পৰিচালনা সমিতিৰ সম্পাদক হৰিচৰণ ভূঞাই সত্ৰ খনত সৃষ্টি হোৱা মতানৈক্য সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়।

তেওঁ কয় যে,১৫৯৫ শকতেই বদলা পদ্ম আতাই পুৰণি কমলাবাৰী সত্ৰ প্ৰতিষ্ঠা কৰাৰ পিছত ক্ৰমাগতভাৱে সত্ৰাধিকাৰৰ একনায়কত্ববাদ হোৱাত অধিকাংশ ভকত বৈষ্ণৱে মাজুলীত শতৰীয়া সত্ৰাধিকাৰ হিচাপে ঘনকান্ত দেৱ গোস্বামীক আনি কমলাবাৰীত সত্ৰ প্ৰতিষ্ঠা কৰে। ঘনকান্ত দেৱ গোস্বামী প্ৰয়াণৰ পিছত নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামীক ধৰ্মাধিকাৰ দিয়া হৈছিল।

কালক্ৰমত সত্ৰাধিকাৰ হিচাপে কথিত হ'লেও সত্ৰৰসমূহৰ সিদ্ধান্তইহে মূল হিচাপে গণ্য হৈছিল। সত্ৰখনত তেতিয়া ২৫০ ভকত আছিল বাবে সমিল মিলেৰে ধৰ্মীয় কাম-কাজত চলিছিল।

কিন্তু ক্ৰমান্বয়ে সত্ৰখনত ফাট মেলা আৰম্ভ কৰে। এই প্ৰসংগত তেওঁ কয় যে, সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ গোস্বামী জীৱিত থকাৰ অৱস্থাৰে পৰা সত্ৰখনত আৰম্ভ হোৱা অন্তঃকন্দল আইনী প্ৰক্ৰিয়া পৰ্যায় পোৱাৰ পিছত সত্ৰাধিকাৰ গৰাকী ২০২০ বৰ্ষত মৃত্যুৰ পিছত সত্ৰখনৰ উক্ত মতানৈক্য অন্ত পৰিছিল।

সেই সময়তে মাজুলীৰ উপায়ুক্তৰ উপস্থিতিত সত্ৰখনৰ ডেকাসত্ৰীয়া সত্যজিৎ মহন্তক সভাপতি আৰু সংগীত নাটক একাডেমী বঁটা প্ৰাপক হৰিচৰণ ভূঞাক সম্পাদক হিচাপে লৈ এখন পৰিচালনা সমিতিও গঠন কৰি দিয়া হৈছিল। হৰিচৰণ ভূঞা আৰু প্ৰভাত বৰা বুঢ়াভকত তথা পৰমা কাকতি বৰবায়নে সংবাদমেলত ভয়ংকৰ তথ্য সদৰী কৰে।

হৰিচৰণ ভূঞা আৰু প্ৰভাত বৰা বুঢ়াভকত তথা পৰমা কাকতি বৰবায়নে সত্ৰৰ বৰ্তমানৰ ডেকাধিকাৰ সত্যজিৎ মহন্ত আৰু প্ৰফুল্ল বৰুৱা সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। দুয়োগৰাকীৰ বিৰুদ্ধে তেওঁ বিস্ফোৰক অভিযোগ উত্থাপন কৰে।

সংবাদমেলত উল্লেখ কৰে যে,সত্ৰৰ ৰাজহুৱা সম্পত্তি ক্ৰমে সত্ৰৰ ভুৱা সত্ৰীয়া সংগীত মহাবিদ্যালয় ব্ৰহ্মপুত্ৰ ব'ৰ্ডক মাহে প্ৰায় ৪৮ হাজাৰকৈ ভাড়াত দি,পুথিভঁৰালৰ বিল্ডিং ভাড়াত দি উপাৰ্জন হোৱা ধন, সত্ৰৰ অতিথিশালাৰ উপাৰ্জন, সত্ৰৰ পুনৰ সংস্থাপনৰ বাবে যোৰহাটৰ ৰাজৈত চৰকাৰে দিয়া ৮০ বিঘা মাটি বাগান পাতিবলৈ লিজত দি তাৰ পৰা হোৱা উপাৰ্জন,উত্তৰ লখিমপুৰৰ বিহপুৰীয়াৰ পাভত সত্ৰৰ নামত থকা ৫০ বিঘা মাটি সংখ্যালঘু কেইগৰাকীমান ব্যক্তিক বিক্ৰী কৰা ধন ইত্যাদি বিলাক সত্ৰৰ পুজি তথা পৰিচালনা সমিতিৰ পুজিলৈ নহাকৈ ব্যক্তিগতভাৱে সত্ৰৰ বৰ্তমানৰ ডেকাধিকাৰ সত্যজিৎ মহন্ত আৰু প্ৰফুল্ল বৰুৱাই ইমানদিনে আত্মস্যাৎ কৰি আহিছে।

ইফালে সত্ৰৰ ৰাজহুৱা সম্পত্তিৰ পৰা উপাৰ্জিত ধন পৰিচালনা সমিতিলৈ আহিব লাগে বুলি সভাপতি ডেকাধিকাৰ সত্যজিৎ মহন্তৰ উপস্থিতিত পৰিচালনা সমিতিৰ সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। কিন্তু পিছত সিদ্ধান্ত কাৰ্যকৰী কৰাৰ বিপৰীতে স্বয়ং সভাপতি সত্যজিৎ মহন্তই পৰিচালনা সমিতিখন নিষ্ক্ৰীয় কৰাতহে লাগে বুলি তেওঁলোকে উল্লেখ কৰে।

ইফালে তেওঁলোকে কয় যে,সত্যজিৎ মহন্ত আৰু প্ৰফুল্ল বৰুৱাই সত্ৰই ব্যক্তিগত লাভালাভৰ বাবে সত্ৰৰ সম্পত্তি ব্যৱহাৰ কৰি আছে। সত্ৰখনৰ এখন প্ৰাথমিক বিদ্যালয় সকলো বৈষ্ণৱক জড়িত নকৰি পৰিচালনাৰ বিজুতিৰ পৰিপ্ৰেক্ষিতত বন্ধ হৈ যোৱাৰ পিছত সত্ৰত থকা সংস্কৃত টোলত সত্যজিৎ মহন্ত আৰু প্ৰফুল্ল বৰুৱা নিজেই শিক্ষক হিচাপে নিয়োজিত হৈ থকাৰ পিছতো সংস্কৃত টোলখনো সম্প্ৰতি নিষ্ক্ৰীয় হোৱাৰ পিছত এতিয়া সংস্কৃত টোলৰ ৰুমো ভাড়ালৈ দিবলৈ নেৰিলে সত্যজিৎ মহন্ত আৰু প্ৰফুল্ল বৰুৱাই।

এনেদৰে সত্ৰৰ সংগীত মহাবিদ্যালয়কে ধৰি সত্ৰৰ বিভিন্ন সম্পত্তিৰ উপাৰ্জিত ধন আত্মস্যাৎ কৰাৰ পিছতো বিষয়টোক লৈ এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নোহোৱাত তেওঁলোকে ক্ষোভ প্ৰকাশ কৰে। সংবাদমেলত তেওঁলোকে আৰু কয় যে,সত্ৰৰ অধিকাংশ বৈষ্ণৱে উক্ত দুৰ্নীতিসমূহ আতৰ কৰাৰ কথা প্ৰকাশ কৰাত সত্যজিৎ মহন্ত আৰু প্ৰফুল্ল বৰুৱাই একাংশ বৈষ্ণৱক লগত লৈ সত্ৰ খনক দুভাগত বিভক্ত কৰাত অহৰহ চেষ্টা কৰি আহিছে।

যাৰ ফলস্বৰূপে দুৰ্নীতিসমূহ বৰ্তাই ৰখাৰ সম্পূৰ্ণ কামনা কৰিছে। ইফালে দুভাগত বিভক্ত হ'লে সত্ৰৰ পৰিস্থিতি ভয়ানক হ'ব বুলি নিশ্চিত হৈ সত্ৰখনৰ অধিকাংশ বৈষ্ণৱে দুভাগ কৰাত সন্মতি প্ৰদান নকৰাৰ বিপৰীতে সত্ৰৰ ডেকাধিকাৰ পক্ষই সত্ৰ খন দুভাগ হৈ থকাটোহে কামনা কৰে।

এই মতবিৰোধক লৈ শেহতীয়াকৈ সত্ৰত মাজুলীৰ অতিৰিক্ত উপায়ুক্তৰ উপস্থিতিত দুয়ো পক্ষক বহুৱাই সত্ৰৰ ভৱিষ্যৰ কথা চিন্তা কৰি একেলগে সত্ৰৰ কাম-কাজসমূহ চলাই নিয়াৰ সন্দৰ্ভতো প্ৰশাসনৰ তৰফৰ আহ্বান জনাইছিল। কিন্তু ডেকাধিকাৰ পক্ষৰ বৈষ্ণৱ সকলে বিভিন্ন অজুহাত দেখুৱাই একেলগে নথকাৰ সন্দৰ্ভত মতপ্ৰকাশ কৰে।

সেইবাৰো প্ৰশাসনৰ চেষ্টা বিফল হোৱাৰ পিছত যোৱা ৩১ আগষ্টত মাজুলীৰ উপায়ুক্ত কাবেৰী বি শৰ্মাৰ উপস্থিতিটো দুয়োপক্ষৰ ৫ গৰাকীকৈ বৈষ্ণৱক লৈ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈছিল। মূৰকত সেইখন সভাও কাৰ্য্যত বিফল হয়।

আজি মাধৱদেৱৰ তিথিৰ চাউল ভুজনীত পৃথকে পৃথকে গায়ন বায়ন পৰিৱেশন কৰি মহাপুৰুষীয়া পৰম্পৰাত ব্যাঘাত জন্মোৱা সন্দৰ্ভত সংবাদমেলত উপস্থিত থাকি সত্ৰৰ বৈষ্ণৱ পৰমা কাকতি বৰবায়নে কয় যে আজিৰে পৰা মাজুলীৰ মহাপুৰুষীয়া সত্ৰত আৰম্ভ হোৱা মাধৱদেৱৰ তিথি পৰিপ্ৰেক্ষিতত আজি নতুন কমলাবাৰী সত্ৰটো দুপৰীয়াৰ হোৱা গায়ন-বায়নৰ বাবে দুয়ো পক্ষই পৃথকে আখৰা কৰিছিল।

সত্ৰখন একেলগ হোৱাৰ কামনা কৰা অধিকাংশ বৈষ্ণৱ থকা পক্ষটোৱে পৰম্পৰাগতভাৱে গায়ন বায়ন পৰিৱেশন কৰি থকাৰ মুহূৰ্ততে ডেকাধিকাৰ সত্যজিৎ মহন্তৰ পক্ষৰ একাংশ বৈষ্ণৱে প্ৰফুল্ল বৰুৱাৰ পৰিচালনাত সুকীয়াকৈ কীৰ্ত্তন ঘৰৰ গুৰু আসনৰ সন্মুখত পঠালি দি গায়ন বায়ন পৰিৱেশন কৰি মহাপুৰুষীয়া পৰম্পৰাত আঘাত হানি এক বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰে।

এটা কীৰ্ত্তন ঘৰত দুভাগকৈ গায়ন বায়ন পৰিৱেশনত কৰাত বিষয়টো দৃষ্টিকটু হোৱাই নহয় শ্ৰুটিকুটু হোৱাৰ লগতে কোনেও কাৰোৰে কথা নুশুনাৰ পৰিৱেশৰ সৃষ্টি হয় বুলি তেওলোকে উল্লেখ কৰে। আনহাতে আজি হোৱা উক্ত বিশৃংখল পৰিস্থিতিৰ পিছত অপদস্থ হোৱা অধিকাংশ বৈষ্ণৱে সত্ৰৰ ঐতিহ্য পৰম্পৰাত যাতে আঘাত নহয় শান্তি শৃংখলা যাতে বৰ্তি থাকে তাৰ প্ৰতি লক্ষ্য ৰাখি সত্ৰৰ কোনো কাৰ্যসূচীত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্তৰ কথা সংবাদমেলত ঘোষণা কৰে।

ইফালে একমাত্ৰ সম্পত্তিৰ বাবেই সৃষ্টি হোৱা মতানৈক্য ওৰ পৰাটো কামনা কৰি সত্ৰ খনৰ সম্পত্তিৰ নামত হৈ থকা দুৰ্নীতিৰ মুখ্যমন্ত্ৰী তদাৰকী কোষৰ দ্বাৰা তদন্ত হোৱাটো কামনা কৰি সত্ৰ খনৰ বৈষ্ণৱ সকলৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ আজি সংবাদমেলত সত্ৰখনৰ বৈষ্ণৱসকলে আহ্বান জনাইছে।

দুভাগত বিভক্ত হোৱাৰ দিশে নতুন কমলাবাৰী সত্ৰ
ৰহস্যজনক অৱস্থাত পুখুৰীত উদ্ধাৰ মহিলাৰ মৃতদেহ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in