কাছাৰত নদীত গা ধুবলৈ গৈ সলিল সমাধি ১৩ বছৰীয়া কিশোৰীৰ...

বান্ধবীৰ সৈতে নৈত খেলি থকাৰ সময়তে অঘটন

author-image
Asomiya Pratidin
New Update
কাছাৰত নদীত গা ধুবলৈ গৈ সলিল সমাধি  ১৩ বছৰীয়া কিশোৰীৰ...

কাছাৰত নদীত গা ধুবলৈ গৈ সলিল সমাধি ১৩ বছৰীয়া কিশোৰীৰ...

ডিজিটেল সংবাদ কাছাৰঃ কাছাৰত নদীত গা ধুবলৈ গৈ সলিল সমাধি এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ। এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে কাছাৰ জিলাৰ লক্ষীপুৰ বিধানসভাৰ অন্তৰ্গত জয়পুৰ শিৱস্থান দ্বিতীয় খণ্ডত।

Advertisment

ঘৰৰ ওচৰত থকা চিৰি নদীত তিনি গৰাকী বান্ধবীৰ সৈতে গা ধুবলৈ গৈছিল মালিফ ছানা নামৰ ১৩ বছৰীয়া ছাত্ৰীগৰাকী। নদীত খেলি থকাৰ সময়ত হঠাতে ওচৰৰ এটি শিলত খুণ্ডা খাই পানীত পৰি মৃত্যু ঘটে ছাত্ৰীগৰাকীৰ।‌

ইফালে, ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালয়লৈ প্ৰেৰণ কৰা হয়। ছাত্ৰীগৰাকীৰ মৃত্যুত শোকত ভাগি পৰে তেওঁৰ পৰিয়াল আৰু আত্মীয়সকল। কিশোৰীগৰাকীৰ অকাল মৃত্যুত জয়পুৰ এলেকাত গভীৰ শোকৰ ছাঁ পৰিছে।

Also Read: অৰবিন্দ কেজৰিৱালে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিনঃ অংশগ্ৰহণ কৰিব নিৰ্বাচনী প্ৰচাৰত...

কাছাৰ