অসম ৰাইফলছ আৰু শিলচৰ NIT ৰ উদ্যোগত ১০ দিনীয়া অস্ত্ৰ প্ৰদৰ্শনী, যুৱ প্ৰশিক্ষণ কৰ্মশালা...

অসম ৰাইফলছ আৰু শিলচৰ NIT ৰ উদ্যোগত ১০ দিনীয়া অস্ত্ৰ প্ৰদৰ্শনী, যুৱ প্ৰশিক্ষণ কৰ্মশালা...
অসম ৰাইফলছ আৰু শিলচৰ NIT ৰ উদ্যোগত ১০ দিনীয়া অস্ত্ৰ প্ৰদৰ্শনী, যুৱ প্ৰশিক্ষণ কৰ্মশালা...

ডিজিটেল সংবাদ শিলচৰ: অসম ৰাইফলছ আৰু শিলচৰ NITৰ যুটীয়া উদ্যোগত শিলচৰত আৰম্ভ হৈছে ১০ দিনীয়া অস্ত্ৰ প্ৰদৰ্শনী আৰু যুৱ প্ৰশিক্ষণ কৰ্মশালা। দেশ সেৱাৰ মনোভাৱ আৰু সমাজ সেৱাক অগ্ৰাধিকাৰ দি অসম ৰাইফলছ আৰু শিলচৰ NIT য়ে আয়োজন কৰিছে এই ব্যতিক্ৰমী কাৰ্যসূচী।

যোৱা ২১ ডিচেম্বৰৰ পৰা শিলচৰ NIT খেলপথাৰত অনুষ্ঠিত এই অস্ত্ৰ প্ৰদৰ্শনী আৰু যুব প্ৰশিক্ষণ কৰ্মশালাত বিভিন্ন পৰিস্থিতিত মোকাবিলা কৰাৰ কৌশল শিকোৱাৰ লগতে NCC কেডাৰসকলক বিভিন্ন অত্যাধুনিক অস্ত্ৰৰ প্ৰশিক্ষণ দিয়া হয়।‌ NIT ৰ খেল পথাৰ আৰু ওচৰৰ চাহ বাগিচাত আয়োজিত এই কৰ্মশালাত মুঠ ৬৫০ জন NCC ৰ কেডাৰে যথেষ্ট উৎসাহেৰে অংশগ্ৰহণ কৰে।

দেশ, সমাজ আৰু জাতিৰ কঠিন সময়ত যাতে সকলোৱে পৰিস্থিতিৰ মোকাবিলা কৰিব পাৰে, তাৰ বাবে অস্ত্ৰ পৰিচালনা, ফায়াৰিং, যোগ ব্যায়াম, ড্ৰীলসহ বিভিন্ন কৌশলগত দক্ষতাৰ প্ৰশিক্ষণ দিয়া হয়। AK 47, AK 56 Light মেচিন গান, ৰকেট লঞ্চাৰসহ অন্যান্য অত্যাধুনিক অস্ত্ৰ, শস্ত্ৰৰ প্ৰশিক্ষণ গ্ৰহণ কৰে NCC ৰ কেডাৰসকলে।

এই কৰ্মশালা অহা ৩১ ডিচেম্বৰলৈ চলিব বুলি সদৰি কৰে অসম ৰাইফলছৰ তৃতীয় বেটেলিয়নৰ কমাণ্ডেণ্ট আমোদ চন্দনাই।

অসম ৰাইফলছ আৰু শিলচৰ NIT ৰ উদ্যোগত ১০ দিনীয়া অস্ত্ৰ প্ৰদৰ্শনী, যুৱ প্ৰশিক্ষণ কৰ্মশালা...
মাজুলীত পুৰ্বোত্তৰ সন্ত সন্মিলনত ডা: মোহন ভাগৱতঃ উত্তৰ পূৰ্বাঞ্চলৰ ১১৪ গৰাকী সন্তৰ অংশগ্ৰহণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in