মাজুলীত পুৰ্বোত্তৰ সন্ত সন্মিলনত ডা: মোহন ভাগৱতঃ উত্তৰ পূৰ্বাঞ্চলৰ ১১৪ গৰাকী সন্তৰ অংশগ্ৰহণ

মাজুলীত পুৰ্বোত্তৰ সন্ত সন্মিলনত ডা: মোহন ভাগৱতঃ উত্তৰ পূৰ্বাঞ্চলৰ ১১৪ গৰাকী সন্তৰ অংশগ্ৰহণ
মাজুলীত পুৰ্বোত্তৰ সন্ত সন্মিলনত ডা: মোহন ভাগৱতঃ উত্তৰ পূৰ্বাঞ্চলৰ ১১৪ গৰাকী সন্তৰ অংশগ্ৰহণ

ডিজিটেল সংবাদ মাজুলীঃ 'আমি সকলোৱে সমস্যা সম্পৰ্কে চৰ্চা কৰি থাকিব নালাগে ৷ সমস্যা চৰ্চাৰ সলনি ইয়াক কিদৰে সমাধান কৰিব পাৰি তাৰ প্ৰতি যত্নপৰ হোৱা উচিত৷মানুহৰ অনেক প্ৰকাৰৰ সমস্যা থাকে৷ এই সমস্যা সমাধানৰ পথ বিচাৰি উলিয়াই সত্যৰ সন্ধান কৰিব লাগে ৷' এই অভিমত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সৰসংঘচালক ড০ মোহন ভাগৱতৰ ৷

মোহন ভাগৱতে দুদিয়া ভ্ৰমণ সূচী লৈ পৃথিৱীৰ বৃহৎ নদীদ্বীপ তথা সত্ৰ সংস্কৃতিৰ পীঠস্হান মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সভাগৃহত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন পন্থৰ ১১৪ গৰাকী সন্তৰ উপস্থিতিত অনুষ্ঠিত 'পুৰ্বোত্তৰ সন্ত মণিকাঞ্চন -২০২৩' শীৰ্ষক এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰি সন্তসকলক উদ্দেশ্যি পুনৰ কয় যে, আমাৰ পন্থ বা উপাসনা পদ্ধতি পৃথক হলেও আমি সকলোৱে সনাতনী ৷

তেওঁ কয়, আমাৰ দৰ্শনৰ পথ কিছু পৃথক অথবা পথ বেলেগ বেলেগ হলেও লক্ষ্য কিন্তু একেটাই৷ আমাৰ দেশ ভাৰতবৰ্ষৰ বিশেষত্ব এয়ে যে, পন্থ পৃথক হলেও আমি সকলোৱে মিলিজুলি থাকো ৷ যি দৰে পাহাৰ-পৰ্বত বগাবলৈ আমি বিভিন্ন পথেৰে গমন কৰিলেও লক্ষ্য এটাই যে, পাহাৰ-পৰ্বতৰ শিখৰত আৰোহন কৰাটো।

তেওঁ কয়, ধৰ্ম প্ৰচাৰকসকলৰ ক্ষমতা বহুত। তেওঁলোকে সমাজ সলনি কৰি দিব পাৰে৷ আনহাতে, প্ৰত্যেক মানুহৰ দৰে ৰাষ্ট্ৰৰো নিজস্ব স্বভাৱ থাকে৷ ভাষা-সংস্কৃতি, পূজা পদ্ধতি, ভৌগলিক অৱস্থান, বাসস্থান,প্ৰকৃতি বেলেগ বেলেগ হলেও ভাৰতবৰ্ষ মানুহৰ স্বভাৱ একে আৰু এয়াই আমাৰ সংস্কৃতি।

নিজ ধৰ্মৰ প্ৰতি নিষ্ঠা কম হলেহে মানুহ ধৰ্মান্তৰিত হয় বুলিও প্ৰকাশ কৰি আমাৰ সভ্যতা,সংস্কৃতি নৱ প্ৰজন্মৰ বাবে বিভিন্ন সামাজিক মাধ্যম,কাকত,আলোচনী আদিৰ জৰিয়তে প্ৰকাশ কৰিব লাগে বুলিও তেওঁ মন্তব্য কৰে৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰসংগ উল্লেখ কৰি মহাপুৰুষজনাই তাহানিতে অসমীয়া সমাজখনক একত্ৰিত কৰি থৈ গৈছে বুলি তেওঁ উল্লেখ কৰে ৷

উল্লেখ্য, ১৯৬৬ চনৰ পিছত অসমত এইবেলি পুৰ্বোত্তৰ সন্ত মণিকাঞ্চন সন্মিলন অনুষ্ঠিত হৈছে ৷ সন্মিলনত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে কয় যে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ এই মাজুলীতে মণিকাঞ্চন সংযোগ হোৱাৰ দৰে পুৰ্বোত্তৰৰ সন্ত মণিকাঞ্চন সংযোগ হ'ল৷ আমি ৰাজনৈতিকভাৱে পৃথক হলেও ধৰ্মীয় আৰু সাংস্কৃতিকভাৱে এক হৈয়ে আছো আৰু থাকিম বুুুলি সত্ৰাধিকাৰগৰাকীয়ে মত প্ৰকাশ কৰে ৷

সন্মিলনত আউনীআতি সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱগোস্মামীয়ে কয় যে, প্ৰায় ৫০০ বছৰ পূৰ্বে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সত্ৰ-সংস্কৃতি স্থাপন কৰি অসমীয়া জাতিটোক সমৃদ্ধ কৰি থৈ গৈছে ৷ নামচাই পৰিয়াট্টি চাচনা বৌদ্ধ বিহাৰৰ বৌদ্ধগুৰু ৱেন অগ্গধম্ম ভান্টে কয়, আমাৰ মাজত দন্দ খৰিয়াল নকৰি সকলো পন্থ,সম্প্ৰদায়,ধৰ্মীয় গুৰুসকলে একত্ৰিত হৈ কাম কৰিব লাগে ৷

ত্ৰিপুৰাৰ মহন্ত গায়মুনি চিত্ত ৰঞ্জন মহাৰাজে সকলো সনাতনী এক। এই কথা মনত ৰাখি আমি আগবাঢ়ি যাব লাগিব বুলি মন্তব্য কৰে ৷ নাগাভূমিৰ জেলিয়াংৰং হৰক্কাৰ সম্পাদক মৌংটুইং জেমে কয় যে, পুৰ্বোত্তৰ বহু ধৰ্মগুৰুৱে নিজৰ অস্তিত্ব বজাই ৰাখিবলৈ সংগ্ৰাম কৰিব লগা হৈছে ৷

কোকৰাঝাৰৰ বাথৌ সমাজৰ মুখপাত্ৰ চিবিৰাম বসুমতাৰীয়ে সকলো জাতিৰ মূল কথাই হৈছে ধৰ্ম আৰু ধৰ্ম নহলে জাতিৰ অস্তিত্বই বা ক'ত বুুুলিও প্ৰশ্ন কৰে ৷ সন্মিলনত ডোনিপোলো য়েলাম, ইনি মেচেলু জিনু বিকাশ সমাজ, গাৰোবাদা, কাৰ্বি সমাজৰ লখিমন সংঘকে ধৰি বহু ধৰ্মীয় সমাজৰ ধৰ্মগুৰুৱে বক্তব্য প্ৰকাশ কৰে ৷

মনকৰিবলগীয়া কথা যে, ৰাজ্যখনৰ বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰ, কাৰ্বি সমাজৰ লখিমন সংঘৰ ধৰ্মগুৰু, এক শৰণ ভাগৱতী সমাজ,নেপালী সমাজ, হৰেকৃষ্ণ, কৃষ্ণগুৰু সেৱাশ্ৰম, শিৱ সনাতন ধৰ্মগুৰু, ৰাম সনাতন ধৰ্মগুৰু, চেইম হিমা খাইৰিম, পূজাৰী, বৌদ্ধ গুৰু আদিকে ধৰি পন্থ,সম্প্ৰদায়ৰ সন্ত, ধৰ্মীয় গুৰু উপস্থিত থাকে ৷ আনহাতে, নেলী ৰাজ্যৰ ৰজা ৰামসিং দেওৰজা, চহৰী ৰাজ্যৰ ৰজা সুৰেন কোঁৱৰো উপস্থিত থাকে ৷

মাজুলী জিলাৰ সৰ্বাধিক ২৪ গৰাকী, তিনিচুকীয়া, শিৱসাগৰ, বিশ্বনাথ, তেজপুৰ, নগাঁও, গোৱালপাৰাৰ আৰু গাৰো পাহাৰৰ দুগৰাকীকৈ, যোৰহাট জিলা,গোলাঘাট, মৰিগাঁও আৰু মনিপুৰৰ চাৰি গৰাকীকৈ , কার্বি আংলং, নাগাভূমি, ধেমাজী ,ডিব্ৰুগড় আৰু জয়ন্তীয়া জিলাৰ তিনি গৰাকীকৈ, লখিমপুৰ, কোকৰাঝাৰ আৰু অৰুণাচলৰ আঠ গৰাকীকৈ, দক্ষিণ কামৰূপ, চৰাইদেউ, কামৰূপ, বাক্সা, ধুবুৰী, চিলং আৰু ত্ৰিপুৰাৰ এগৰাকীকৈ, গুৱাহাটী আৰু বৰপেটা জিলাৰ ৫ গৰাকী ধৰ্মগুৰু সহ ১১৪ গৰাকী ধৰ্মগুৰুৱে অংশগ্ৰহণ কৰে ৷

ইফালে, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ড০ মোহন ভাগৱতে আবেলি মাজুলীৰ শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰ দৰ্শন কৰে ৷ সন্ধিয়া শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সভাগৃহত অনুষ্ঠিত এক সাংস্কৃতি অনুষ্ঠান উপভোগ কৰিব ।

মাজুলীত পুৰ্বোত্তৰ সন্ত সন্মিলনত ডা: মোহন ভাগৱতঃ উত্তৰ পূৰ্বাঞ্চলৰ ১১৪ গৰাকী সন্তৰ অংশগ্ৰহণ
অসমীয়া প্ৰতিদিনৰ বাতৰিৰ পাছতে তিনি অৱতাৰ ধাৰণ কৰা দুৰ্নীতি পৰায়ণ পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে তদন্ত আৰম্ভ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in