অবৈধভাৱে ভাৰতত প্রৱেশ কৰা দুই ইউক্রেনিয়ানক স্বদেশলৈ প্রত্যাৰ্পণ...

ইউক্রেনৰ দুই বন্দী নাগৰিকক স্বদেশলৈ প্রত্যাৰ্পণৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ

author-image
Asomiya Pratidin
New Update
অবৈধভাৱে ভাৰতত প্রৱেশ কৰা দুই ইউক্রেনিয়ানক স্বদেশলৈ প্রত্যাৰ্পণ...

Silchar Ucrainan

ডিজিটেল ডেস্ক : ইউক্রেনৰ দুই বন্দী নাগৰিকক স্বদেশলৈ প্রত্যাৰ্পণৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ। দিল্লীস্থিত ইউক্রেনৰ এম্বেছিক হস্তান্তৰ কৰিব ভাৰত চৰকাৰে। কিছুদিন পূৰ্বে দুই ইউক্রেনিয়ানক নিউ কৰিমগঞ্জত ষ্টেচনত অবৈধভাৱে ভাৰতত প্রৱেশ কৰাৰ অভিযোগত গ্রেপ্তাৰ কৰিছিল ৰে’ল আৰক্ষীয়ে। দুয়ো শিলচৰ কেন্দ্রীয় কাৰাগাৰৰ ট্রেনিজট কেম্পত বন্দী হৈ আছিল।

Advertisment

কেম্পত বন্দী হৈ থকা বিদেশীদ্বয় ত্রিশাঞ্চকি ভোলোদাইমাৰ, নাজাৰিল ভইজনিউক।উল্লেখ্য যে দুয়োৰে ঘৰ ইউক্রেনৰ জিহিবোমিক ৰিজ’নৰ বাৰ্দিশ্বেছ জিলাত। বৃহস্পতিবাৰে বিদেশীদ্বয়ক নিজৰ জিম্মাত লয় গুৱাহাটী পাণ্ডুৰ ৰে’ল আৰক্ষীয়ে। তাৰ পাছতেই দুয়োকে লৈ শিলচৰৰ পৰা দিল্লী অভিমুখে ৰাওনা হৈছে আৰক্ষীৰ দল।

আৰু পঢ়ক : বকোত ইলেকট্ৰিক টাৱাৰ নিৰ্মাণৰ নামত পাহাৰ কাটি প্ৰকৃতি ধ্বংস...

assam Silchar Silchar Ucrainan