বকোত ইলেকট্ৰিক টাৱাৰ নিৰ্মাণৰ নামত পাহাৰ কাটি প্ৰকৃতি ধ্বংস...

পাহাৰৰ মাটি খান্দি, শিল ভাঙি আৰু গছ-গছনি কাটি তহিলং কৰাত সচেতন ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে

author-image
Asomiya Pratidin
New Update
বকোত ইলেকট্ৰিক টাৱাৰ নিৰ্মাণৰ নামত পাহাৰ কাটি প্ৰকৃতি ধ্বংস...

boko

ডিজিটেল সংবাদ, বকো : কামৰূপ জিলাৰ বকোত কোম্পানী এটাই ইলেকট্ৰিক টাৱাৰ নিৰ্মাণৰ নামত পাহাৰৰ মাটি খান্দি, শিল ভাঙি আৰু গছ-গছনি কাটি তহিলং কৰাত সচেতন ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘটনাৰ বিৱৰণী মতে ৪৮ নং বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত ভালুকঘাট পাৱাৰ গ্ৰীড চাবষ্টেচনৰ পৰা বকো ৰে'ল ষ্টেচনত বিদ্যুৎ সংযোগ দিয়াৰ বাবে ১৩২ কে ভিৰ ইলেকট্ৰিক টাৱাৰ নিৰ্মাণৰ কাম চলি আছে ।

Advertisment

ইলেকট্ৰিক টাৱাৰ নিৰ্মাণৰ কামৰ দায়িত্ব লাভ কৰিছে চিকিমৰ অংকিত আগৰৱালা আৰু ৰবি আগৰৱালা নামৰ ঠিকাদাৰ দুগৰাকীয়ে। ঠিকাদাৰ দুগৰাকীয়ে শিলিগুড়ীৰ তানিচা ইঞ্জিনিয়াৰচ নামৰ কোম্পানী এটাক নিৰ্মাণৰ দায়িত্ব অৰ্পণ কৰিছে । ইলেকট্ৰিক টাৱাৰ নিৰ্মাণৰ কাম কৰাৰ নামত ভেহুঁৱাপাহাৰৰ বৃহৎ বৃহৎ শিল ভাঙি, মাটি খান্দি আৰু গছ-গছনি কাটি তহিলং কৰাত লাগিছে। ক'কলেং, জেচিবিৰে পাহাৰখনৰ বৃহৎ বৃহৎ শিলবোৰ ভাঙি ইতিমধ্যে শেষ কৰি পেলাইছে।

পাহাৰখনত মাটি খান্দি টাৱাৰ নিৰ্মাণৰ নামত কৰিছে ডাঙৰ ডাঙৰ একো একোটা গাঁত । লগতে তহিলং কৰিছে পাহাৰখনত থকা সেউজীয়া গছ-গছনি। প্ৰকৃতিৰ ওপৰত এনেদৰে অত্যাচাৰ কৰাত একাংশ ৰাইজে পশ্চিম কামৰূপ বনসংমণ্ডল বিষয়াৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰাত বুধবাৰে শিংৰা, নগৰবেৰা আৰু বামুণীগাঁও বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীয়ে যৌথভাবে অভিযান চলাই কোম্পানীটোৰ এখন জেচিবি জব্দ কৰিছে যদিও বনবিভাগৰ সোপাঢিলা ভূমিকাৰ বাবে আজিও ক'কলেঙেৰে কোম্পানীটোৱে নিৰ্বিঘ্নে মাটি খন্দাৰ লগতে শিল ভঙা অব্যাহত ৰাখিছে ।

আনহাতে কোম্পানীটোৱে ভালুকঘাটা জিএচএচৰ পৰা বকো ৰে'ল ষ্টেচনত বিদ্যুৎ সংযোগ দিয়াৰ নামত ১২টা পৰিয়ালৰ ম্যাদী মাটিত ইলেকট্ৰিক টাৱাৰ নিৰ্মাণ কৰিছে। ইতিমধ্যে ইলেকট্ৰিক টাৱাৰ নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে । অথচ পৰিয়াল কেইটাক মাত্ৰ ১৫ হেজাৰকৈ টকা দি দায়িত্ব সামৰি থৈছে। যাৰ বাবে বাধ্য হৈ বৃহস্পতিবাৰে পৰিয়ালকেইটাই তেওঁলোকৰ মাটিৰ মূল্য পোৱাৰ দাবীত আমিনগাঁওৰ কাৰ্যালয়ত কামৰূপ জিলাৰ উপায়ুক্ত কৃতি জলীৰ ওচৰত এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

আৰু পঢ়ক : হেপ্পী বাৰ্থ দে' হাৰ্টথ্ৰ'ব...

assam BOKO